নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখৰাৰ ডেম্পত হাস্পতালত ব্যৱহৃত সামগ্রীৰ বেহা: নীৰৱ আৰক্ষী

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ মহানগৰীৰ একাংশ ডেম্পত চলিছে চোৰাং সামগ্রীৰ বেহা আৰু চোৰাং সামগ্রীৰ সমান্তৰালকৈ একাংশ ডেম্পত ৰাজ্যৰ স্বাস্থ্য বিধি উলংঘাৰে মুকলিকৈ চলিছে হাস্পতালত ব্যৱহূত সামগ্রীৰ বেহা৷ হাস্পতালত ব্যৱহৃত চিৰিঞ্জ, চেলাইনৰ বটল আৰু পিপি কীটকে ধৰি অন্যান্য সামগ্রী মজুত ৰাখি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে একাংশ ডেম্পৰ গৰাকীয়ে৷ বিশেষকৈ গড়চুক থানাৰ অন্তর্গত লখৰাৰ এখন ডেম্পত ৰফিকুল ইছলাম নামৰ এজন ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ হাস্পতালত ব্যৱহূত সামগ্রী মজুত কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

প্রাপ্ত অভিযোগ অনুসৰি ব্যৱসায়ীজনে দীর্ঘদিন ধৰি লখৰাৰ মাছ বজাৰৰ সমীপৰ ভঙা–ছিঙা সামগ্রীৰ ডেম্পত স্বাস্থ্য বিধি উলংঘাৰে ব্যৱহূত পি পি কীট, চিৰিঞ্জ, চেলাইনৰ বটল আৰু অন্যান্য আপত্তিজনক সামগ্রী৷ ডেম্পৰ কর্মচাৰীসকলে জানিবলৈ দিয়া মতে ডেম্পত মজুত ৰখা এই ব্যৱহূত সামগ্রী বাছনি কৰি কেইবাটাও ভাগত বিভক্ত কৰি পুনৰ বিক্রী কৰা হয়৷ কিন্তু ডেম্পৰ গৰাকীয়ে মহানগৰীৰ মাজমজিয়াত কাৰ আশীর্বাদত মুকলিকৈ হাস্পতালত ব্যৱহূত সামগ্রী মজুত ৰাখিব পাৰিলে সেয়া এক সাঁথৰ৷ ডেম্পটোত ব্যৱসায়ীজনে চুৰি সামগ্রী ক্রয় কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ লক্ষণীয়ভাৱে এই ঘটনা প্রত্যক্ষ কৰিও গড়চুক আৰক্ষীয়ে ৰহস্যজনক মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷

You might also like