গুৱাহাটী গ্রন্থমেলাত তথ্যচিত্র ‘বীৰাংগনা’ প্রদর্শন
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ বুধবাৰে ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা প্রাংগণৰ ‘গগন চন্দ্র অধিকাৰী সোঁৱৰণী সভা গৃহ’ত দেশৰ প্রথম মহিলা ইডনিটৰ ওপৰত আধাৰিত অসমীয়া তথ্যচিত্র–‘বীৰাংগনা’ৰ বিশেষ প্রদর্শনী সফলতা পূর্বক অনুষ্ঠিত হয়৷ ইতিমধ্যে দেশৰ বাহিৰে–ভিতৰে দর্শক–সমালোচকৰ বিপুলভাৱে প্রশংসিত তথ্যচিত্রখনে ‘চিনে মেকিং ইণ্টাৰনেচনেল ফিল্ম এৱার্ড ২০২০, ঢ়াকা, লণ্ডন ফিল্ম ফেষ্টিভেলৰ লিফ্ট–ৱ গ্লোবেল নেটৱর্কিঙৰ ফাইনেলিষ্ট, ইণ্ডিয়ান চলচ্চিত্র মহোৎসৱৰ স্পেচিয়েল ফেষ্টিভেল মেনচন, তামিলনাডু ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেল, জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱলৈ নির্বাচিত আদি সুকীর্তিৰ ডপৰি ভালেসংখ্যক ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী প্রতিযোগিতাত অংশগ্রহণ কৰি ভালেমান মর্যাদাসম্পন্ন বঁটা আঁজুৰি আনিবলৈও সক্ষম হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কলিতা প্রযোজিত আৰু পৰিচালিত তথ্যচিত্রখনত গুৱাহাটীৰ মহিলাসকলৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বিৰুদ্ধে কার্যকৰী তথা দক্ষতাৰে দিয়া যুঁজৰ ‘বীৰাংগনা’ তথ্যচিত্রখনত সর্বাত্মক ৰূপত চিত্রিত হৈছে৷ অসম পুলিচে ২০১২ চনত দেশৰ প্রথম মহিলা কমাণ্ডো ইডনিট বীৰাংগনা সক্রিয় কৰিছিল৷ এইসকল যুৱতী কমাণ্ডোক অসমৰ দেৰগাঁৱৰ বেটেলিয়ন প্রশিক্ষণ শিবিৰত মার্চিয়েল আর্টছ, ছাইলেণ্ট ড্রিল, অস্ত্রৰ ব্যৱহাৰ, মটৰচাইকেল চালনা, ঘোঁৰা চালনা আদিৰ প্রশিক্ষণ দিয়া হৈছিল৷ প্রতিষ্ঠাৰ পিছৰে পৰাই বীৰাংগনাসকলে অন্যান্য অপৰাধমূলক কার্যৰ বাহিৰেও মহিলাৰ বিৰুদ্ধে সংঘটিত বিভিন্ন অপৰাধৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দি গৈছে, যাৰ ফলত গুৱাহাটীৰ মহিলাসকলৰ বিৰুদ্ধে ইভটিজিং আদি ঘটনা উল্লেখযোগ্যভাৱে হ্রাস পাইছে৷ মহিলাসকলক যিকোনো সময়ত যিকোনো ঠাইলৈ যাবলৈ, কাম কৰিবলৈ যি আত্মবিশ্বাস সৰবৰাহ কৰিছে সেয়া বীৰাংগনা বাহিনীৰ সঁচাকৈয়ে অতুলনীয় অৱদান৷ নিজস্ব কর্মেৰে বীৰাংগনা বাহিনী অসম তথা উত্তৰ–পূবৰ মহিলাসকলৰ সন্মুখত হৈ ডঠিছে বিশাল ৰোল–মডেল৷
তথ্যচিত্র ‘বীৰাংগনা’ত মহিলা কমাণ্ডো ইডনিটৰ বিভিন্ন ক্রিয়াকলাপ সুন্দৰভাৱে চিত্রিত কৰিছে৷ সাংসৃকতিক কর্মী কিশোৰ কলিতাই তেওঁৰ পিতৃ এছ চি কলিতাৰ স্মৃতিত এই তথ্যচিত্রখন নির্মাণ কৰি অসম পুলিচক ডৎসর্গা কৰিছে৷ ‘বীৰাংগনা’ৰ ৰচনা উৎপল দত্তৰ, চিত্রগ্রহণ নগেন বৈশ্যৰ, সম্পাদনা দিগন্ত বৰাৰ আনহাতে আৱহ সংগীত আৰু ছাডণ্ড ডিজাইনিং কৰিছে অভিজিৎ বর্মনে, কালাৰিষ্ট অম্বৰীশ বৰকটকী৷ তথ্যচিত্রখনৰ ছাব–টাইটল্সমূহ লিখিছে লেখক, চিত্র–সাংবাদিক প্রান্তিক ডেকাই৷ তথ্যচিত্রখনৰ শিৰোনামৰ গানটিত কণ্ঠদান কৰিছে জনপ্রিয় সংগীত শিল্পী জুবলী বৰুৱাই৷ অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই বীৰাংগনাবাহিনীটোক ন–ৰূপত গঢ়ি তোলাৰ অংগীকাৰ কৰে৷ সু–ভিনেত্রী মৃদুলা বৰুৱাই শুভেচ্ছা প্রদান কৰে৷ আৰ জে হংসৰাজে আঁত ধৰা এই অনুষ্ঠানতে বীৰাংগনাৰ সদস্যাসকলৰ সৈতেও অন্তৰংগ আলাপ অনুষ্ঠিত হয়৷