নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইক’ৰ্টৰ নির্দেশত শ্বহীদ খর্গেশ্বৰ নগৰত উচ্ছেদ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ সৰুপেটা ৰাজহ চক্রৰ অন্তর্গত নাওসৰকা পথাৰ আৰু চাউলীয়াবৰী ৰাজহ গাঁৱৰ এক বৃহৎ এলেকা আৱৰি একাংশ লোকে অবৈধভাৱে স্থাপন কৰা কদমতলা বজাৰত আজি প্রশাসনে উচ্চ ন্যায়ালয়ৰ নির্দেশক্রমে উচ্ছেদ অভিযান চলায়৷ সৰুপেটা ৰাজহ চক্রৰ অন্তর্গত তথা চাউলীয়াবৰী গাঁও পঞ্চায়তৰ অধীনৰ চাউলীয়াবৰী ৰিজার্ভত থকা ২৩ বিঘা ১৪ লেচা, নাওসৰকা পথাৰৰ ২২৯নং দাগৰ ১০০ বিঘা, ৫২নং দাগৰ ৪৭৮ বিঘা ১ কঠা ৮ লেচা মাটিকালি আৱৰি থকা বৃৃহৎ চৰকাৰী গো–চৰণীয়া পথাৰখনত বিগত বহু বছৰ ধৰি একাংশ লোকে অবৈধভাৱে বহু সৰু–বৰ ব্যৱসায়িক প্রতিষ্ঠান, বাসগৃৃহ, প্রাইভেট স্কুল, উদ্যোগ–প্রতিষ্ঠান আদিকে ধৰি বহু অনুষ্ঠান–প্রতিষ্ঠান নির্মাণ কৰিছিল৷ ২০১৭ চনতে চৰকাৰে উচ্ছেদ অভিযান চলাই ৰিজার্ভত অবৈধভাৱে নির্মাণ কৰা বহু বাসগৃৃহ, দোকানগৃৃহ, মছজিদ আদি উচ্ছেদ কৰি প্রশাসনে ৰিজার্ভখন বেদখলমুক্ত কৰাৰ প্রয়াস কৰিছিল৷ কিবা এক চৰকাৰী মেৰপেঁচৰ বাবে সেই উচ্ছেদ অভিযান আধাতে সামৰিব লগা হৈছিল৷ এই উচ্ছেদ অভিযান আধাতে কিয় সামৰিব লগা হ’ল বুলি প্রশ্ণ উত্থাপন কৰাৰ উপৰি এই উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰি উক্ত চৰকাৰী গো–চৰণীয়া পথাৰখন বেদখলমুক্ত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি সৰুপেটাৰ সমাজকর্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সঞ্জয় কুমাৰ মেধিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে৷

যোৱা ২৫ নৱেম্বৰত এই আবেদনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বৰপেটা জিলাৰ উপায়ুক্ত আৰু সৰুপেটা ৰাজহ চক্র বিষয়াক উক্ত এলেকাত অবৈধভাৱে নির্মাণ কৰা কদমতলা বজাৰখন শীঘ্রে উচ্ছেদ কৰিবলৈ নির্দেশ দিয়াৰ লগতে পুনৰ এই উচ্ছেদ অভিযানৰ তথ্য জনাৰ বাবে অহা ৩ ফেব্রুৱাৰীত আন এক শুনানিৰ দিন ধার্য কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ মর্মে আজি পুৱা প্রায় ৮.৩০ বজাতেই সৰুপেটা ৰাজহ চক্র বিষয়া প্রাঞ্জল প্রতিম কোঁৱৰৰ নেতৃত্বত আৰক্ষীৰ এটা বিশাল বাহিনীসহ প্রশাসনৰ দল এটাই এক্সেভেটৰ লৈ কদমতলা বজাৰখন এফালৰ পৰা উচ্ছেদ কৰে৷ আজিৰ উচ্ছেদ অভিযানত অবৈধভাৱে নির্মাণ কৰা প্রায় ৬৫খন সৰু–বৰ ব্যৱসায়িক প্রতিষ্ঠান, এখন প্রাইভেট স্কুল, জিৰণি চ’ৰা আদি ভাঙি অবৈধভাৱে স্থাপন কৰা কদমতলা বজাৰ সম্পূর্ণভাৱে উচ্ছেদ কৰে৷ ইয়াৰ লগতে উক্ত চৰকাৰী গো–চৰণীয়া পথাৰখনত একাংশ লোকে অবৈধভাৱে নির্মাণ কৰা প্রায় কুৰিটা মাছৰ পুখুৰীও আজি উচ্ছেদ কৰা হয়৷ উল্লেখ্য যে ছয় শতাধিক মাটিকালিৰে আৱৰা উক্ত চৰকাৰী গো–চৰণীয়া নাওসৰকা পথাৰখনক তদানীন্তন অগপ চৰকাৰে অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ স্মৃৃতিত শ্বহীদ খর্গেশ্বৰ তালুকদাৰ নগৰ হিচাপে ঘোষণা কৰি তাত উত্তৰ–পূব বন সংপালক মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল৷ আনকি তাত উত্তৰ–পূব বন সংপালক মহাবিদ্যালয় স্থাপনৰ বাবে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই আধাৰশিলাও স্থাপন কৰিছিল৷ সেয়া ফুটুকাৰ ফেনত পৰিণত হোৱাৰ লগতে উক্ত নাওসৰকা পথাৰখনত একাংশ লোকে অবৈধভাৱে দখল কৰি অহাৰ লগতে তাত এখন বজাৰো স্থাপন কৰি লৈছিল৷

You might also like