নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপ দাবী কংগ্রেছৰ

লাইকা দধিয়া, মিকিৰ বামুণী গ্রাণ্টত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ তিনিচুকীয়া জিলাৰ লাইকা দধিয়া আৰু নগাঁও জিলাৰ মিকিৰ বামুণী গ্রাণ্টৰ দৰিদ্র পৰিয়ালসমূহৰ মানৱ অধিকাৰ তথা ভূমিৰ অধিকাৰ ৰাজ্য চৰকাৰে উলংঘা কৰাৰ অভিযোগ তুলি এইক্ষেত্রত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়াই৷ ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগলৈ আজি প্রেৰণ কৰা এখন পত্রত কংগ্রেছ বিধায়িনী দলৰ দলপতি শইকীয়াই কয় যে ডিব্রু–ছৈখোৱা অভয়াৰণ্যৰ লাইকা দধিয়া অঞ্চলত প্রায় ১৩০০ অনুসূচিত জনজাতি তথা অন্যান্য পিছপৰা শ্রেণীৰ পৰিয়ালে ১৯৫০ চনৰ ভূমিকম্পৰ পিছৰে পৰা বসবাস কৰি আহিছে৷ যোৱা ৩ বছৰে চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপিত কৰিব বুলি দিয়া প্রতিশ্রুতিৰ পৰা ফালৰি কটাৰ ফলত ভুক্তভোগী লোকসকলে তিনিচুকীয়া নগৰত অস্থায়ী শিবিৰ স্থাপন কৰি যোৱা ডিচেম্বৰ মাহৰ শেষভাগৰ পৰা প্রতিবাদী কার্যসূচী চলাই আহিছে৷ এই সময়ছোৱাত এগৰাকী গর্ভৱতী মহিলাকে ধৰি তিনিগৰাকী প্রতিবাদকাৰীৰ মৃত্যু হৈছে বুলি শইকীয়াই পত্রখনত উল্লেখ কৰে৷ একেখন পত্রতে শইকীয়াই কয় যে নগাঁও জিলাৰ মিকিৰ বামুণী গ্রাণ্টতো একাংশ অনুসূচিত জনজাতি তথা অন্যান্য পিছপৰা শ্রেণীৰ ৰায়তৰ ভূমি অধিকাৰ কাঢ়ি লৈ তেওঁলোকে ১৯৮১ চনৰ পৰা খেতি কৰি অহা ভূমি এটা ব্যক্তিগত কোম্পানীক গতাই দিবলৈ ৰাজ্য চৰকাৰে যো–জা চলাইছে৷ চৰকাৰে এই কার্যৰ দ্বাৰাThe Assam Temporarily Settled Areas Tenancy Act,1971 উলংঘা কৰিছে, যি আইন অনুসৰি একেলেথাৰিয়ে তিনি বছৰ এটুকুৰা মাটিত কৃষিকার্য কৰা লোকক উক্ত ভূমিৰ অধিকাৰ দিব লাগে৷ আনকি চৰকাৰে উক্ত ভূমি হাতীৰ বিচৰণস্থলী হোৱাৰ কথাও গাপ দিছে বুলিও শইকীয়াই অভিযোগ কৰে৷

You might also like