নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰঙালী’ ভোগালী

অসমীয়াৰ ভোগৰ উৎসৱক আদৰিবলৈ উত্রাৱল ৰাজ্যবাসী

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ আজি অসমীয়াৰ হেঁপাহৰ উৰুকা৷ উৰুকাৰ নিশা ভেলাঘৰত সমূহীয়াকৈ এসাঁজ ভোজভাত খাবলৈ সাজু হৈছে ৰাজ্যবাসী৷ ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ৰাজ্যৰ প্রান্তে প্রান্তে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে প্রতিজন অসমীয়াই৷ ভোগালী বিহুক লৈ শদিয়াৰ পৰা ধুবুৰীলৈ সকলোতে এতিয়া উছাহৰ ধল বৈছে৷ এইবাৰৰ ভোগালীত ভোগৰ লগতে পৰিৱেশ ৰঙালী হৈ পৰিছে৷ ক’ৰোনা মহামাৰীৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত ৰঙালী বিহু, দুর্গাপূজা, ঈদ আদি উলহ–মালহেৰে পালন কৰিব নোৱাৰা অসমীয়াই কার্যতঃ এবছৰৰ মূৰকত পূর্বৰ পৰম্পৰা অনুসৰি ব্যাপক আয়োজনেৰে ভোগালীক আদৰিবলৈ কিঞ্চিতমানো কৃপণালি কৰা নাই৷  উৰুকাৰ নিশা সমূহীয়াকৈ ভোজভাত খাবলৈ ৰাজ্যৰ ভিন্ন প্রান্তত অঘোষিত প্রতিযোগিতাৰে সাজি উলিওৱা হৈছে ভেলাঘৰ৷ সাজি উলিওৱা হৈছে বিশাল আকৃতিৰ মেজি৷ ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত প্রায় এবছৰৰ মূৰত মুক্তমনেৰে ভোগালীক আদৰিবলৈ যেন উত্রাৱল হৈ পৰিছে ৰাজ্যবাসী৷

আজিৰ শীতৰ সেমেকা নিশা জুইৰ উত্তাপ লৈ একেলগে ভোজভাত খাবলৈ ৰাজ্যৰ প্রতিখন গাঁৱৰ লগতে মহানগৰীতো চলিছে ব্যাপক প্রস্তুতি৷ ৰাজ্যবাসীৰ বাবে এক সুখবৰ যে বিহুৰ বতৰতে পুনেৰ পৰা অসমলৈ অনা হৈছে ক’ভিডৰ ভেকচিন৷ ক’ভিডৰ ভেকচিন উপলব্ধ হোৱাত কার্যতঃ ভোগালী বিহুৱেই যেন ৰাজ্যবাসীৰ মনলৈ কঢ়িয়াই আনিছে এক নতুন প্রত্যাশা৷ ফলত দেহৰ ঘাম মাটিত পেলাই সোণগুটি চপোৱা চহা কৃষককে ধৰি সকলোৱে মিলি ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ পাছত কাইলৈ উৰুকাৰ নিশা নিশ্চিন্তমনে ভোজভাত খাবলৈ উন্মুখ হৈ পৰিছে৷ ভোগালী বিহু উপলক্ষে ৰাজ্যৰ বজাৰসমূহো বিভিন্ন ভোগৰ সামগ্রীৰে ভৰি পৰিছে৷ ইয়াৰ ব্যতিক্রম নহয় মহানগৰীৰ বজাৰসমূহো৷ ৰাজ্যৰ প্রতিখন বজাৰ বিভিন্ন প্রকাৰৰ লাড়ু–পিঠা, চিৰা–দৈ, ক্রীম–গুৰমিঠৈ আদিৰে উভৈনদী হৈ পৰিছে৷ বজাৰসমূহত ভোগৰ সামগ্রী ক্রয় কৰিবলৈ মানুহৰ হেতা–ওপৰা লগা পৰিলক্ষিত হৈছে৷

মহানগৰীৰ ছয়মাইল, বেলতলা, গণেশগুৰি, আমবাৰী, উজানবজাৰ আদিত হাজো, ৰামদিয়া, সৰভোগৰ দৈ, ক্রীম, মাখন, যোৰহাট–শিৱসাগৰ আদিৰ কোমল চাউল, ক’লা বৰা চাউল, বৰা ধানৰ চিৰা, মালভোগ ধানৰ চিৰা, সান্দহ, জহা চাউলৰ চিৰা, তিল–নাৰিকলৰ লাড়ু, চুঙাপিঠা আদি উভৈনদী হৈ পৰিছে৷ মহানগৰীৰ আমবাৰীস্থিত সিদ্ধিনাথ শর্মা ভৱনত বৰ অসম ভোগালী মেলাৰ আয়োজন কৰি এনেধৰণৰ ভোগৰ সামগ্রী বিক্রী কৰা হৈছে৷ ইয়াৰ ওচৰতে থকা লক্ষীধৰ বৰা ক্ষেত্রত চিৰসেউজ কৃষ্টি কেন্দ্রৰ উদ্যোগত আয়োজন কৰা ভোগালীৰ আয়োজন শীর্ষক মেলাতো অনুৰূপ ধৰণৰ সামগ্রী বিক্রী কৰা হৈছে৷ এই ভোগালী মেলাত কোমল চাউল ১ কিলোত ১২০ টকা, ক’লা বৰা চাউল এক কিলোত ১৫০ টকা, বৰা ধানৰ চিৰা এক কিলোত ১২০ টকা, মালভোগ ধানৰ চিৰা এক কিলোত ১২০ টকা, সান্দহ এক কিলোত ১০০ টকা, জহা চাউলৰ চিৰা এক কিলোত ১২০, চুঙাপিঠা (এটা)ত ১২০ টকা, ক্রীম এক লিটাৰত ৬০০ টকা, ৰামদিয়াৰ দৈ কিলোইপতি ১৫০ টকা, এক কিলো গুৰমিঠৈ ১২০ টকা, হুৰুম ২০০ গ্রামত ১০০ টকা, ১০টা নাৰিকলৰ লাড়ু ১৫০ টকা, ২০টা তিলৰ লাড়ু ২৩০ টকা, ১০খন নাৰিকল দিয়া পিঠা ১৫০ টকা আদি দামত বিক্রী কৰা হৈছে৷ সেইদৰে ১০খন তিল দিয়া পিঠা ১.৭০ টকা, ১০খন তেল পিঠা ৬০ টকা দামত বিক্রী কৰা হৈছে৷ এই ভোগৰ সামগ্রীসমূহ ক্রয় কৰিবলৈ মেলা দুখনত আজি মানুহৰ যথেষ্ট ভিৰ হোৱা দেখা যায়৷

সেইদৰে মঙলবাৰে মহনগৰীৰ গণেশগুৰি আৰু পল্টন বজাৰস্থিত মাছ–মাংসৰ দোকানত উৰুকাৰ এদিন পূর্বে অধিক দামত মাছ–মাংস বিক্রী কৰা দেখা যায়৷ এটা পাতি হাঁহৰ দাম আজি ৬৫০ টকাৰ পৰা ৭৫০ টকালৈ বৃদ্ধি কৰা হৈছে৷ সেইদৰে কিলোইপতি ৭০০ টকাকৈ বিক্রী কৰা ছাগলীৰ মাংস ১,০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ আনহাতে, থলুৱা কুকুৰা কিলোৱেপতি ৪০০ৰ পৰা ৪৫০ টকাকৈ বিক্রী কৰা হৈছে৷ কিলোৱেপতি ৪০০ টকাকৈ বিক্রী কৰা ডাঙৰ ভকুৱা মাছ আজি ৫০০ৰ পৰা ৬০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ কিলোৱেপতি ৬০০ টকাকৈ বৰালি মাছ ৭৫০ টকালৈ বৃদ্ধি কৰা হৈছে৷ আনহাতে, কিলোৱেপতি ৬০০–৭০০ টকাকৈ বিক্রী কৰা চিতল মাছ ৮০০ৰ পৰা ১০০০ টকাকৈ বিক্রী কৰা হৈছে৷ ভোগালীৰ এদিন পূর্বে খাদ্য–সামগ্রীৰ দাম বৃদ্ধি কৰা হৈছে যদিও গ্রাহক ৰাইজে তাৰ প্রতি ভ্রূক্ষেপ নকৰি ভোগৰ সামগ্রী ক্রয় কৰা পৰিলক্ষিত হৈছে৷ ইফালে কাইলৈ উৰুকা উপলক্ষে আজিয়েই মহানগৰীৰ পৰা নিজ নিজ গাঁৱলৈ বুলি ঢ়াপলি মেলিছে হাজাৰ হাজাৰ স্বাভিমানী অসমীয়া৷ ফলত দূৰণিবটীয়া যাত্রীবাহী বাছ আৰু ৰে’ল ষ্টেচনত যাত্রীৰ ভিৰ দুগুণ হাৰত বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷ ভোগালী বিহুৰ মেজিৰ জুয়ে সকলোকে আলোকৰ বাটেৰে আগুৱাই লৈ যোৱাৰ বাবে প্রেৰণা দিব বুলি ৰাজ্যবাসীয়ে আশা কৰিছে৷
ভোগালী বিহু উপলক্ষে অসমবাসীলৈ ৰাজ্যপালৰ শুভেচ্ছা
অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু উপলক্ষে অসমবাসীলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷ ভোগালীত আয়োজিত সমূহীয়া ভোজভাতে কৃষককে ধৰি সকলো শ্রেণীৰ লোকক সম্প্রীতিৰ বান্ধোনেৰে ঐক্যবদ্ধ হৈ থকাৰ নতুন চেতনা জাগ্রত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে এক বিবৃতিযোগে আশা প্রকাশ কৰে৷
ভোগালী বিহু উপলক্ষে অসমবাসীলৈ মুখ্যমন্ত্রীৰ শুভেচ্ছা
বাপতি–সাহোন ভোগালী বিহু উপলক্ষে অসমবাসীলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি এক বিবৃতিত মুখ্যমন্ত্রী সোণোৱালে কয় যে কৃষিভিত্তিক এই উৎসৱ পালনৰ জৰিয়তে আমাৰ মাজত থকা কর্মদক্ষতা, কৃষি অর্থনীতি শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্রেৰণা যোগাব৷ এই বিহু পালনৰ জৰিয়তে অসমৰ বিভিন্ন শ্রেণীৰ জনসাধাৰণৰ মাজত থকা সাতামপুৰুষীয়া একতাৰ বান্ধোন অধিক সুদৃঢ় হোৱাৰ উপৰি ৰাজ্যখনৰ সর্বাংগীণ উন্নয়নৰ বাবে সকলোকে অহোপুৰুষার্থ কৰাৰ বাবে প্রেৰণা যোগাব৷ এক বিবৃতিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে৷ ভোগালী বিহু উদ্যাপনে ৰাজ্যবাসীৰ মাজৰ পৰা অসূয়া–শান্তি দূৰ কৰি সকলোৰে মাজত আশাৰ সঞ্চাৰ কৰিব বুলি মন্ত্রীগৰাকীয়ে কয়৷

You might also like