নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক ক্ষণলৈ আৰু কিছু সময়… ৰাজ্যত কাইলৈৰ পৰা ভেকচিন প্ৰদান কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ এক ঐতিহাসিক কাৰ্যসূচীৰ বাবে সাজু হৈছে স্বাস্থ্য বিভাগ। কাইলৈৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ কৰা হ’ব ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কাইলৈ শুভাৰম্ভ কৰিবলগীয়া ভেকচিন প্ৰদান প্ৰক্ৰিয়াত ৰাজ্যখনৰ মুঠ ৭৯টা কেন্দ্ৰ জড়িত থাকিব।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচত মুকলি কৰিব ভেকচিন প্ৰদান কাৰ্যসূচী। এই কাৰ্যসূচীত বহুকেইগৰাকী খ্যাতিমান জ্যেষ্ঠ চিকিৎসক উপস্থিত থাকিব।

প্ৰথম পৰ্যায়ত ১,৫৬,০০০ স্বাস্থ্যকৰ্মী তথা ফ্ৰণ্টলাইন যোদ্ধাক দিয়া হ’ব এই ভেকচিন। এইক্ষেত্ৰত ভেকচিন দিবৰ বাবে ইতিমধ্যে ১০০গৰাকী লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কাইলৈৰ ভেকচিন প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলাই থকা হৈছে।

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা ১০.৩০ বজাত ভাৰ্চুৱেলী ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে দেশজুৰি আৰম্ভ হ’ব এই ঐতিহাসিক যাত্ৰা।

You might also like