হাজোত ছাত্ৰ সন্থাৰ মণিকূট উৎসৱ, সমন্বয় শোভাযাত্ৰা
নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ আজি প্ৰথম মাঘৰ দিন। এই দিনটোতে পূৰ্বৰ দৰে এইবাৰো হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হাজোত অনুষ্ঠিত হৈছে মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা।
পঞ্চতীৰ্থৰ দলৈ শিৱপ্ৰসাদ শৰ্মা আৰু পোৱামক্কা দৰগাহ শ্বৰীফৰ তৌফিক হুছেইনে আছুৰ পতাকা আদান-প্ৰদান কৰি শোভাযাত্ৰা আৰম্ভ কৰে।
শোভাযাত্ৰাৰ পিছত আৰম্ভ হয় মুকলি সভা। শোভাযাত্ৰাত বিভিন্ন জাতি-জনজাতিৰ নৃত্য-গীতৰ দলৰ লগতে শিল্পীসমাজেও অংশ লয়।
উল্লেখ্য, ১৯৯২ চনত বাবৰি মছজিদ ধ্বংসৰ পিছৰে পৰা সমাজলৈ শান্তি-সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে ছাত্ৰ সন্থাই এই কাৰ্যসূচী আৰম্ভ কৰিছিল আৰু আজি ই ২৮ বছৰত ভৰি দিলে।