১৯ জানুৱাৰীলৈ পিছুৱালে মাধ্যমিক টেট
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদে ৰাজ্যৰ পৰিস্থিতি জটিল কৰি তোলাৰ পৰিপ্ৰেক্ষিতত অহা ২২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া হাইস্কুল টেট ১৯ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে ৷
বৃহস্পতিবাৰে এই কথা অৱগত কৰে সর্বশিক্ষা মিছন সঞ্চালক ছমছেৰ সিঙে ৷
উল্লেখ্য যে সুদীর্ঘ সাত বছৰৰ পাছত হাইস্কুল টেট অনুষ্ঠিত কৰাৰ বাবে শিক্ষা বিভাগে প্রস্তুতি চলাইছিল যদিও প্রতিবাদী আন্দোলনৰ পৰিপ্রেক্ষিতত এই পৰীক্ষা পিছুৱাবলৈ বাধ্য হয় ৷