বাৰপূজীয়াত অষ্টাদশ বাৰ্ষিক তিৱা পিচু, উপস্থিত ৰমাকান্ত দেউৰী
নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ যি জাতিৰ নিজা ভাষা সংস্কৃতি নাথাকে সেই জাতিয়ে কেতিয়াও পৰিচয় বহন কৰিব নোৱাৰে ৷ -আজি মৰিগাঁও-নগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল বাৰপূজীয়াৰ তিৱা ভাষা সাহিত্য-সংস্কৃতি চৰ্চা সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা অষ্টাদশ বাৰ্ষিক তিৱা পিচুত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধক্ষ্য ৰমাকান্ত দেউৰীয়ে ৷
আনহাতে বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত ক্ৰমাৎ বিলুপ্ত হ’ব ধৰা তিৱা ভাষাটোক পুনৰ জীয়াই ৰাখিবলৈ বাৰপূজীয়া তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিয়ে কৰি অহা চেষ্টাক শলাগ লোৱাৰ লগতে ধন্যবাদ জনাই সমিতিখনক ৷ আজি পহিলা মাঘৰ দিনটোতে তিৱা ভাষা সংস্কৃতিক তিৱা সমাজত পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে বিগত বৰ্ষৰ দৰে এইবাৰো বাৰপূজীয়া শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত অনুষ্ঠিত হয় তিৱা পিচু ৷
তিৱা পিচুত বাৰেৰহণীয়া তিৱা লোকনৃত্য, গীত-বাদ্যৰ অনুষ্ঠানৰ উপৰি তেতেলীয়া তিৱা কৃষ্টি দলৰ দ্বাৰা বৰতৰ মুখা নৃত্য আৰু বৰ মাৰ্জাং তিৱা কৃষ্টি দলৰ দ্বাৰা ইয়াংলি মিছৱা নৃত্যই বিশেষ আকৰ্ষণ কৰি তোলে তিৱা পিচু অনুষ্ঠানটি ৷
তিৱা মাথনলাই তখ্ৰাৰ সাধাৰণ সম্পাদক বিদ্যুত বিকাশ সেনাপতিয়ে আঁত ধৰা এই তিৱা পিচুত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, বাৰপূজীয়া ১নং জিলা পৰিষদৰ সদস্য যতীন দাস, তিৱা পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে মদন দেউৰী, সুৰজ কোঁৱৰ, দেৱকান্ত বৰদলৈ, গীতামণি কলিতা ভূঞাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।