নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ চৰকাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ আমাক মাতিলেই আমি যাবলৈ সাজু আছোঁ৷ পৱিত্র মাঘ মাহৰ আজিৰ প্রথমটো দিনত বহুচর্চিত আলফা আৰু চৰকাৰৰ শান্তি আলোচনা প্রক্রিয়া সন্দর্ভত এইদৰে তাৎপর্যপূর্ণ মন্তব্য কৰে আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱাই৷ নলবাৰী জিলাৰ জাহাৰ শ্রীশ্রীমহাপ্রভু বাৰগোপাল থানৰ ৩৪সংখ্যক সভা মহোৎসৱত অংশ লৈ আলফা নেতা ৰাজু বৰুৱাই চৰকাৰ আৰু আলফাৰ আলোচনা সম্পর্কত তেওঁ মন্তব্য প্রকাশ কৰি সংবাদ মাধ্যমৰ সন্মুখত পুনৰ কয়– আলফা আৰু চৰকাৰৰ আলোচনা প্রায় সম্পূর্ণ হৈছে৷ এতিয়া আৰু আলোচনা বুলিবলৈ কেন্দ্রীয় চৰকাৰৰ লগত একো নাই৷ অসমৰ মৌলিক সমস্যা আৰু আলফাৰ এজেণ্ডাসমূহক লৈ কেন্দ্রীয় চৰকাৰৰ সৈতে ইতিমধ্যে আলোচনা হৈছে৷ এতিয়া সম্পূর্ণ ভাৰত চৰকাৰৰ ওপৰত নির্ভৰ কৰিব চুক্তি প্রক্রিয়াটো৷ চৰকাৰে এই চুক্তিত স্বাক্ষৰ কৰিবলৈ মাতিলে আমি যাবলৈ সাজু আছো ৷