প্রতিবাদী কৃষক–কেন্দ্রৰ নৱমলানি আলোচনাও বিফল
নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ তিনিখন কৃষি আইন বাতিলৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষক সংগঠনৰ নেতৃবৃন্দৰ স’তে শুকুৰবাৰে কেন্দ্রীয় চৰকাৰৰ নৱমলানি আলোচনা কোনো ধৰণৰ সমাধান অবিহনে অন্ত পৰিছে৷ এই বৈঠকতো কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে কেন্দ্রীয় চৰকাৰ তথা কৃষক সংগঠনসমূহৰ নেতৃত্ব৷ অৱশ্যে পুনৰ ১৯ জানুৱাৰীত উভয় পক্ষই আলোচনাত বহিবলৈ সহমত পোষণ কৰিছে৷ কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে বৈঠকৰ অন্ত পৰাৰ পাছতেই সাংবাদিকৰ স’তে বার্তালাপত কয়– কৃষক নেতাসকলে আইন বাতিলৰ দাবীত অটল হৈ থাকে৷ আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান পোৱা যাব বুলি অৱশ্যে আশা প্রকাশ কৰিছে মন্ত্রীগৰাকীয়ে৷ আগন্তুক আলোচনাৰ পূর্বে কৃষক নেতাসকলক এক অনানুষ্ঠানিক গোট গঠন কৰিবলৈও আহ্বান জনাইছে টোমৰে৷