নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি–৭ৰ সন্মিলনলৈ মোদীক আমন্ত্রণ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ  আগন্তুক জুন মাহত ব্রিটেইনৰ ক’নৱাল অঞ্চলত হ’বলগীয়া জি–৭ গোষ্ঠীৰ সন্মিলনলৈ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ জনোৱা হৈছে৷ ব্রিটিছ চৰকাৰে ভাৰতৰ প্রধানমন্ত্রীৰ উপৰি অষ্ট্রেলিয়া আৰু দক্ষিণ কোৰিয়াৰ শীর্ষনেতা দুগৰাকীকো এই সন্মিলনলৈ আমন্ত্রণ জনাইছে৷

স্মর্তব্য যে আমেৰিকা, কানাডা, ফ্রান্স, জার্মানী, ইটালী, জাপান, ব্রিটেইন আৰু ইউৰোপীয় ইউনিয়ন সংঘৰ নেতাসকলৰ উপস্থিতিত ১১ জুনত জি–৭ সন্মিলন অনুষ্ঠিত হ’ব৷ লক্ষণীয়ভাৱে জি–৭ গোষ্ঠীৰ সন্মিলনৰ পূর্বে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ভাৰত ভ্রমণ কৰাৰ আশা আছে বুলি এক সূত্রই সদৰী কৰিছে৷ ইয়াৰ পূর্বে আগন্তুক ২৬ জানুৱাৰীত ভাৰতৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রিত হৈও জনছনে ব্রিটেইনত নতুন ক’ৰোনাৰ সংহাৰ সৃষ্টি হোৱাৰ বাবেই এই আমন্ত্রণ ৰক্ষা নকৰে বুলি ঘোষণা কৰিছিল৷ জি–৭ গোষ্ঠীৰ সন্মিলনত ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়ে  ক’ভিড মহামাৰীকে ধৰি বিভিন্ন বিষয় উত্থাপন কৰাৰ সম্ভাৱনা আছে৷

You might also like