সত্রীয়া সংস্কৃতিৰ পটভূমিত নির্মিত ২০২০ৰ প্রথমখন অসমীয়া ছবি “জনকনন্দিনী”
- জিতু ৰায় মেধি
বিশেষ বিষয়বস্তু আৰু পটভূমিত নির্মিত এখন নতুন অসমীয়া ছবি ‘জনকনন্দিনী’৷ ছবিখন পৰিচালনা কৰিছে এগৰাকী সংস্কৃতিৱান মহিলা কুঞ্জলতা গগৈয়ে৷ নির্মাণৰ সময়ৰে পৰা ৰাইজৰ মাজত বিশেষ চর্চা আৰু আগ্রহ পৰিলক্ষিত হোৱা ‘জনকনন্দিনী’ৰ বিষয়বস্তু আৰু পটভূমি হ’ল অসমৰ সত্রীয়া সংস্কৃতি৷ অসমৰ সত্রীয়া সংস্কৃতিয়ে সমগ্র ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্রান্তৰ লোকক বিশেষভাৱে আকর্ষিত কৰি আহিছে৷ বিশ্বৰ মানুহৰ দৃষ্টিত থকা অসমৰ সত্রীয়া সংস্কৃতিক মূল বিষয়বস্তু হিচাপে লৈ নির্মিত ছবিখনত আছে এটি মনপৰশা উপ–কাহিনী৷ যি কাহিনীয়ে দর্শকক দিব আমাৰ কৃষ্টি–সংস্কৃতিৰ মাজেৰে সমাজ পৰিয়ালৰ বহু নতুন বার্তা৷ ছবিখনৰ নাম ভূমিকাত অভিনয় কৰিছে এগৰাকী সত্রীয়া নৃত্যৰ শিল্পী তথা ছবি জগতত নতুনকৈ পদার্পণ কৰা অভিনেত্রীয়ে৷ তেওঁ হ’ল নন্দিনী কাশ্যপ৷ নন্দিনীয়ে ইয়াৰ পূর্বে লণ্ডনত দুবাৰকৈ সত্রীয়া নৃত্য প্রদর্শন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে৷ এইবেলি হৈ যোৱা মাজুলীৰ ৰাসত ‘ৰাধা’ আৰু ‘দৈৱকী’ৰ চৰিত্রত অভিনয় কৰি ৰাসপ্রেমীৰ মাজতো উজলি উঠাৰ লগতে প্রমাণ কৰি দিলে তেওঁৰ প্রতিভা আৰু পাৰদর্শিতা৷ জনকনন্দিনীতো মুখ্য নায়িকাৰ চৰিত্রত নন্দিনী কাশ্যপৰ অভিনয়ত বলিষ্ঠতা প্রকাশ পাইছে বুলি ছবিখনৰ সম্পাদনা চলি থাকোঁতে জানিব পাৰিছিলোঁ৷ ছবিখনত নন্দিনীৰ বিপৰীতে আছে নায়ক গুঞ্জন ভৰদ্বাজ৷ অন্যান্য চৰিত্রত অভিনয় কৰিছে জ্যেষ্ঠ অভিনেতা অৰুণ নাথ, মাধুৰিমা চৌধুৰী, অর্পণা দত্ত চৌধুৰী, নৃত্যাচার্য যতীন গোস্বামী, মুন বৰকটকী, ৰূপম বৰুৱা, সীমাশ্রী বৰা, ৰঞ্জীৱলাল বৰুৱা, পার্থপ্রতিম হাজৰিকা, গৌৰাংগ বৰদলৈ, বৰিষ দত্ত, গৌতম বৰা, পংকজ পূজাৰী, শংকু বৰদলৈ, থানেশ্বৰ ৰবি, অর্জুন বৰুৱা, ৰণজিৎ দত্ত, কৃত্তিকা মণ্ডল (শিশু) আদি৷
জনকনন্দিনীৰ কাহিনী– অমিতাভ বৰা আৰু কুঞ্জলতা গগৈৰ৷ চিত্রনাট্য, সংলাপ– অমিতাভ বৰা, বিষ্ণুজ্যোতি সন্দিকৈ, অৰিন্দম কাশ্যপৰ৷ ছবিখনৰ নৃত্য নির্দেশনা পদ্মশ্রী নৃত্যাচার্য যতীন গোস্বামীৰ৷ সংগীত নন্দ বেনার্জীৰ৷ গীতকেইটিৰ কথা প্রতিমা দাস আৰু অপূর্বজ্যোতি ভূঞাৰ৷ গীতসমূহ গাইছে জুবিন গার্গ, অংগৰাগ পাপন মহন্ত, জুবলী বৰুৱা, মধুস্মিতা ভট্টাচার্য আৰু সত্যসন্ধ্যাই৷ নিজি প্রডাকচনৰ বেনাৰত ছবিখন প্রযোজনা কৰিছে কুঞ্জলতা গগৈ আৰু ৰিংকু দাসে৷ সঞ্জীৱ তালুকদাৰে সম্পাদনা কৰা ছবিখনৰ ভি এফ এক্স ধর্মেন্দ্র দাসৰ৷ ছবিৰ কালাৰিষ্ট মুম্বাইত প্রতিষ্ঠিত অসমীয়া শিল্পী সুজিত বৰা৷ ৫.১ ছাউণ্ড ডিজাইন কৰিছে হিন্দী আৰু আঞ্চলিক ভাষাৰ ছবিত কর্মৰত জ্যোতি চেতিয়াই৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ৷ কাৰিকৰী নির্দেশনা কৰিছে অমিতাভ বৰাই৷ পাপু ডেকাই অসমৰ সুন্দৰ সুন্দৰ আপুৰুগীয়া লোকেচনত চিত্রগ্রহণ কৰা ছবিখনৰ গীতৰ ভিডি’ আৰু প্রমো টিজাৰ যোৱা ১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে৷ অহা ৩ জানুৱাৰীত সমগ্র অসমৰ ছবিঘৰত জনকনন্দিনীয়ে মুক্তি লাভ কৰিব৷