মায়ঙত দুই শতাধিক ধর্মীয় সংখ্যালঘুৰ বিজেপিত যোগদান
শিক্ষার্থী–হিতাধিকাৰীক্ সামগ্রী বিতৰণ মন্ত্রী পীয়ূষৰ
নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ মঙলবাৰে মায়ঙৰ বুৰগাঁও খেলপথাৰত অনুসূচিত জাতি উন্নয়ন পৰিষদে সহস্রাধিক শিক্ষার্থীৰ লগতে হিতাধিকাৰীক বিভিন্ন সা–সামগ্রী বিতৰণ কৰে৷ অনুষ্ঠানত জাগীৰোড সমষ্টিৰ স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই পকৰীয়া মৌজাৰ ১৬খন বিদ্যালয়ৰ অনুসূচিত জাতিৰ ছাত্র–ছাত্রী আৰু শিক্ষানুষ্ঠানৰ মাজত বিতৰণ কৰে বহী, ফিল্টাৰ আৰু চিলাই মেচিন আদি৷ মন্ত্রী হাজৰিকাই চাৰিগৰাকী ছাত্র–ছাত্রীৰ মাজত আনুষ্ঠানিকভাৱে বিতৰণ কৰি এই কার্যসূচীৰ শুভ উদ্বোধন কৰে৷ জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ সুকুমাৰ চৰকাৰে আদৰণী ভাষণ দিয়াৰ পিছতেই মন্ত্রী হাজৰিকাই বুৰগাঁও খেলপথাৰত উপস্থিত থকা তিনি সহস্রাধিক লোকক সমষ্টি উন্নয়ন কৰাৰ ক্ষেত্রত বর্তমানলৈ কি কি পদক্ষেপ হাতত ল’লে সেই কথা উল্লেখ কৰে৷ বিনামূলীয়া চাউল, ঘৰ, অৰুণোদয় আঁচনিৰ ধন, আত্মসহায়ক গোটক অনুদান বিতৰণৰ দৰে চৰকাৰী আঁচনিসমূহৰ বিষয়েও ভাষণত উল্লেখ কৰে৷ সভাৰ অন্তত সাংবাদিকে এ বি পি নিউজ আৰু চি ভোটাৰে অসম সম্পর্কে কৰা সমীক্ষা সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত মন্ত্রী হাজৰিকাই কয়– অসমত পুনৰ বিজেপিৰ চৰকাৰেই হ’ব৷ কোনেও বাধা দি ৰাখিব নোৱাৰে৷ আমি আগৰে পৰাই কৈ আহিছিলো এই কথা৷ আমি ভবাতকৈ সমীক্ষাই অলপ কমকৈহে দিছে৷ যিহেতু অসমৰ ৰাইজে বর্তমানৰ চৰকাৰখনে কৰা উন্নয়নমূলক কাম–কাজবোৰ দেখিছে, সেয়ে চৰকাৰ বিজেপিৰে হ’ব৷ ইয়াৰ পিছতে পাভকাটি পঞ্চায়তৰ সিধাগুৰি গাঁৱত বিজেপিৰ মায়ং মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত এক দলীয় সভাত মন্ত্রীগৰাকীৰ উপস্থিতিত বিভিন্ন দলৰ পৰা প্রায় ২০০জন ধর্মীয় সংখ্যালঘু নেতা–কর্মীয়ে বিজেপি দলত যোগদান কৰে৷ এই যোগদান কার্যসূচীত মন্ত্রী হাজৰিকাৰ লগতে মায়ং মণ্ডল বিজেপিৰ সভাপতি চন্দন দাস, জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ সুকুমাৰ চৰকাৰ, মৰিগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰামপ্রসাদ চৰকাৰ, যুৱনেতা লক্ষণ শইকীয়া আদি উপস্থিত থাকে৷