পেল’ছিৰ তথ্য চুৰিৰ অভিযোগত মহিলাক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ আমেৰিকাৰ কেপিটেল হিলত আক্রমণৰ সময়ত ডেম’ক্রেটিক নেত্রী নানছি পেল’ছিৰ কার্যালয়ৰ পৰা এটা লেপটপ অথবা হার্ড ড্রাইভ চুৰি কৰাৰ অভিযোগত বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সমর্থক এগৰাকীক গ্রেপ্তাৰ কৰা হৈছে৷ ৰিলি জুন উইলিয়ামছ নামৰ ২২ বছৰীয়া যুৱতীগৰাকীয়ে অবৈধভাৱে মার্কিন সংসদত প্রৱেশ কৰি বিভিন্ন সামগ্রী নষ্ট কৰাৰ অভিযোগ অনা হৈছে৷ উইলিয়ামছক গ্রেপ্তাৰ কৰা হয় পেন্সিলভেনিয়াত৷
উইলিয়ামছৰ এগৰাকী সহযোগীয়ে এক শপতনামাত উল্লেখ কৰা অনুসৰি পেল’ছিৰ তথ্য ৰাছিয়াৰ চোৰাংচোৱা সংস্থাৰ ওচৰত বিক্রী কৰাৰ চেষ্টা চলোৱা হৈছিল৷ স্মর্তব্য যে ৬ জানুৱাৰীত ট্রাম্পৰ সমর্থকে মার্কিন সংসদত চলোৱা আক্রমণত পাঁচগৰাকী লোক নিহত হৈছিল৷