আজি সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰ প্ৰথমটো জন্মদিন, বায়েক শ্বেতাৰ আৱেগিক পোষ্ট
নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ মৃত্যুৰ পিছত আজি প্রথমটো জন্মবার্ষিকী অভিনেতা সুশান্ত সিং ৰাজপুতৰ। এই পৃথিৱীত তেওঁ আজি থকা হ’লে ভৰি দিলে হয় ৩৫ত। প্রয়াত অভিনেতাগৰাকীক জন্মবার্ষিকীত স্মৰণ কৰি ছবি পোষ্ট কৰিছে তেওঁৰ বায়েক শ্বেতা সিং কীর্তিয়ে।
স্মৃতিৰ পাতৰ পৰা ভায়েক সুশান্তৰ বহুকেইখন ছবি কোলাজ ৰূপত সামাজিক মাধ্যমত পোষ্ট কৰে শ্বেতাই। ছবি পোষ্ট কৰি শ্বেতাই লিখে- ‘তোমাক ভালপাওঁ ভাই। তুমি আমাৰ জীৱনৰ এটা অংশ আৰু চিৰদিন সেই ৰূপে থাকিবি #SushantDay।’
কোলাজত প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে পৰিয়ালসহ থকা বহুকেইখন পুৰণি ছবি আছে। এই পোষ্টক লৈ প্রয়াত অভিনেতাৰ অজস্র অনুৰাগীয়ে কমেণ্ট কৰা দেখা গৈছে।
উল্লেখ্য বিগত বছৰৰ ১৪ জুনত বান্দ্রাৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হয় সুশান্তৰ মৃতদেহ। মুম্বাই পুলিচৰ পিছত যোৱা বৰ্ষৰ আগষ্টত তদন্তৰ ভাৰ দিয়া হয় চি বি আইক। চিবিআইৰ উপৰি মৃত্যুৰ সৈতে সম্পর্কিত দুটি পৃথক গোচৰৰ তদন্ত চলাই আছে কেন্দ্রীয় সংস্থা ইডি আৰু এনচিবিয়ে।