নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় জনতা পাৰ্টি সাগৰৰ তলিৰ নিৰৱচিন্ন ঢৌঃ ৰঞ্জিত দাস

"বদৰুদ্দিন আজমলে কেৱল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ আবেগক লৈ ৰাজনীতি কৰি আহিছে"

নিয়মীয়াবাৰ্তা, ২২ জানুৱাৰীঃ বিগত সময়ছোৱাত বদৰুদ্দিন আজমলে কেৱল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ আবেগক লৈ ৰাজনীতি কৰি আহিছে। আনহাতে, কংগ্ৰেছ চৰকাৰৰ শাসনত কিছু ব্যক্তিৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবেই সাম্প্ৰদায়িক সংঘৰ্ষৰো সূচনা হোৱা বুলি মন্তব্য কৰি সম্প্ৰতি বিজেপিৰ শাসনত সবকে সাথ সবকা বিকাশ নীতিৰ আধাৰত অসমৰ সংখ্যলঘু সমাজে পূৰ্বৰ তুলনাত অধিক সুৰক্ষা লাভ কৰাৰ লগতে বিজেপিৰ আমোলতহে অসমৰ সংখ্যালঘূ ৰাইজ সবাতোকৈ সুৰক্ষিত বুলিও দাবী কৰে বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। বৃহস্পতিবাৰে বোকাজান বিধানসভা সমষ্টিৰ সৰিয়হজান খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপি দলৰ পৃষ্ঠাপ্ৰমূখ সভাত অংশগ্ৰহণ কৰিবলৈ আহি সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত বিজেপিৰ সভাপতিগৰাকীয়ে এনেদৰে মন্তব্য কৰে।
উল্লেখ্য যে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলে অসমৰ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি কেতবোৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ প্ৰসংগই শেহতীয়াকৈ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সময়তে বিৰোধী নেতাগৰাকীৰ বিৰুদ্ধে কালি সৰৱ হৈ পৰিছে বিজেপি দলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰঞ্জিত দাস।
কালি বোকাজানত সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ শাসনত যে  অসমৰ সংখ্যালঘূ সম্প্ৰদায় সুৰক্ষিত সেই কথা তেওঁলোকে বুজি উঠাৰ বাবেই শেহতীয়াকৈ বুজনসংখ্যক সংখ্যালঘূ লোকে বিজেপিত যোগদানৰ বাবে আগবাঢ়ি অহা প্ৰত্যক্ষ কৰিয়েই মগজুৰ বিকৃতি হোৱা বদৰুদ্দিন আজমলে এনে মন্তব্য কৰা বুলি মন্তব্য কৰে। আজমলৰ এনে মন্তব্যই অসমৰ ৰাইজক স্তম্ভিত কৰি তোলা বুলি মন্তব্য কৰি তেওঁৰ এনে মন্তব্যৰ পিছতে উজনিৰ আঠটাকৈ বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে পৰৱৰ্তী নিৰ্বাচনত বিজেপিক ভোটদান কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক অসমৰ জনতাই ঘৃণাৰ দৃষ্টিৰে চোৱা বুলিও মন্তব্য কৰে।
আনহাতে নতুনকৈ ৰাজ্যখনত আত্মপ্ৰকাশ কৰা আঞ্চলিক দল দুটাৰ কোনো সাংগঠনিক ভিত্তি নোহোৱাৰ বাবে কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি দাবী কৰি সাগৰ পৃষ্ঠৰ ধৌৰ দৰে এই দলসমূহৰ অস্তিত্ব চমুতে নিশ্চিহ্ন হ’ব বুলি মন্তব্য কৰে। আনহাতে, পৃষ্ঠাপ্ৰমূখৰ সভাখনতো ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সমাগত নিৰ্বাচনত বিজেপি দলে শতাধিক আসনত জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে।
বিগত সময়ছোৱাত বিজেপি চৰকাৰে হাতত লোৱা বিভিন্ন জনকল্যাণমূলক কাম-কাজ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই সভাপতিগৰাকীয়ে বোকাজান বিধানসভা সমষ্টিটোত যোৱা সময়ছোৱাত ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰি অহা নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে কমেও চল্লিশ হাজাৰ ভোটৰ ব্যৱধানত বিধানসভালৈ নিৰ্বাচিত বৈ অভিলেখ সৃষ্টি কৰিব বুলি মন্তব্য কৰে। কংগ্ৰেছ, এ আই ইউ ডি এফকো ভাষণ প্ৰসংগত কঠোৰ ভাষাৰে সমালোচনা কৰে সভাপতিগৰাকীয়ে।
You might also like