নলবাৰীৰ মঠ–মন্দিৰত বিজেপি নেতা
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ নলবাৰীৰ বিধায়ক অশোক শর্মা, অসম পর্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাই বৃহস্পতিবাৰে নলবাৰী সমষ্টিৰ বিভিন্ন মঠ, মন্দিৰত চাকি–বন্তি জ্বলাই প্রার্থনা কৰে৷ মূলতঃ অহা ২৪ জানুৱাৰীত পাইকাৰকুছিৰ কেন্দুকুছিত শ্বহীদ মুকুন্দ কাকতি ক্ষেত্রত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত হ’ব লগা বিজয় সংকল্প সমাৰোহ সুচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে এইদৰে প্রার্থনা কৰে৷ তেওঁলোকে আজি হৰি মন্দিৰ, বালিলেচাৰ কালী দেৱালয়, হনুমান মন্দিৰ, শিৱ মন্দিৰ আদিত প্রার্থনা কৰে৷