নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী

শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদিছে সকলোৱে

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ অসমৰ নাইটিংগেল খ্যাত দীপালী বৰঠাকুৰৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী। বহু চিৰসেউজ গীতৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰা সুকণ্ঠী গায়িকা গৰাকীক আজি সকলোৱে অশ্ৰুসিক্ত নয়নৰে স্মৰণ কৰিছে। বহু জনপ্ৰিয় গীতৰে অসমৰ জনতাৰ হিয়াৰ আমঠু হৈ পৰিছিল দীপালী বাইদেউ। ‘সোণৰ খাৰু নালাগে মোক’, ‘চেনাই মই যাও দেই’, ‘কণমান বৰশীৰে চিপ’, ‘খোজ লাহেকৈ দিবি সখী’ ‘সময় পালে আমাৰ ফালে’ আদি গীতে আজিও প্ৰতিজন অসমীয়াক দিয়ে অসমীয়া গীতৰ এক সুকীয়া সোৱাদ। স্নায়ুৰ জটিল মটৰ নিউৰণ ৰোগত আক্ৰান্ত হৈ চিৰদিনৰ বাবে কণ্ঠ হেৰুৱাইছিল দীপালী বৰঠাকুৰে আৰু অসমীয়া সংগীত জগতৰ বাবে ই আছিল এক ক’লা অধ্যায়। ২০১৮চনৰ আজিৰ দিনটোতেই সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা গুছি গৈছিল দীপালী বাইদেউ আৰু তেখেতৰ মৃত্যৰ লগে লগে অৱসান ঘটিছিল অসমীয়া সংগীত জগতৰ এক সোণালী অধ্যায়।