নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহত ডেৰ-শতাধিক আৰক্ষী-জোৱান, দাখিল ১৫ খন এজাহাৰ! আন্দোলনৰ ভবিষ্যতক লৈ প্রশ্ন

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ৰাজধানী দিল্লীত মঙলবাৰে কৃষক আন্দোলনৰ নামত হিংসাত আহত হৈছে মুঠ ১৫৩ জন আৰক্ষী কর্মী৷ তাৰ ভিতৰত দুজন আৰক্ষী জোৱান ভৰ্তি হৈ আছে আইচিইউত৷ জানিব পৰা মতে, এই দুই আৰক্ষী কর্মীৰ অৱস্থা অতি গুৰুতৰ৷

আৰক্ষী কর্মীৰ উপৰত আক্ৰমণ আৰু চৰকাৰী সম্পত্তি ধ্বংসৰ অভিযোগত এই পর্যন্ত বিক্ষোভকাৰীসকলৰ বিৰুদ্ধে ১৫খন এজেহাৰ দাখিল কৰিছে দিল্লী আৰক্ষীয়ে৷ বিপৰীতে ট্রেক্টৰ উল্টি মৃত্যু ঘটিছে এজন কৃষকৰো৷

হিংসাৰ বাবে দিল্লীৰ কেইবাটাও অঞ্চলত মোবাইল ইণ্টাৰনেট সেৱা এতিয়াও অৱৰুদ্ধ কৰি ৰখা হৈছে। হিংসাত্মক পৰিস্থিতিৰ বাবে সিংঘু আৰু টিকৰী সীমান্তত চিআৰপিএফৰ ৩০ টাকৈ কোম্পানী মোতায়েন কৰা হৈছে। মেট্ৰ’ ৰেল কৰ্তৃপক্ষই বুধবাৰে ৰাতিপুৱা দিল্লী মেট্ৰ’ৰ লালকিল্লা আৰু জামা মছজিদ ষ্টেচন বন্ধ কৰিছে।

কিন্তু মঙলবাৰৰ এই ঘটনাটোৱে প্ৰায় দুমাহ ধৰি ঐক্যবদ্ধ তথা শান্তিপূৰ্ণভাৱে কৰা কৃষক আন্দোলনৰ ভবিষ্যৎ কি হ’ব, তাক লৈ বহুতো প্ৰশ্ন উত্থাপন হৈছে।

লগতে পঢ়কঃ BTRৰ প্ৰতিটো সমষ্টিতে হ’ব একোখনকৈ কলেজঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে কৃষি আইন বাতিলৰ বাবে প্ৰায় দুমাহ দিল্লীৰ ৰাজপথত আন্দোলনৰত কৃষকে মঙলবাৰে দিল্লীত উলিওৱা ট্ৰেক্টৰ সমদলে হিংসাত্মক দিশে গতি কৰা দেখা গৈছিল। সমদলৰ বাবে নিৰ্ধাৰিত পথৰ পৰা বিচ্যুত হোৱা একাংশ কৃষকে চেন্ট্ৰেল দিল্লীৰ আই টি অ’ত এখন ৰাজপথ অৱৰোধ কৰি ৰখাই থোৱা খালী বাছত আক্ৰমণ কৰে। ইয়াৰ পিছতে আৰক্ষীৰে খণ্ডযুদ্ধ হয়।

You might also like