নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTRৰ প্ৰতিটো সমষ্টিতে হ’ব একোখনকৈ কলেজঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ “নতুন জিলা হ’ব তামুলপুৰ। ওদালগুৰিত স্থাপন হ’ব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ। BTRৰ প্ৰতিটো সমষ্টিতে হ’ব একোখনকৈ কলেজঃ” ওদালগুৰিৰ আমবাগান খেলপথাৰত অনুষ্ঠিত হোৱা বিটিআৰ গঠনৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ লৈ এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ইপিনে এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বিতৰণ কৰে মাটিৰ পট্টা। লগতে মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে বিটিআৰৰ ১১ হাজাৰ পৰিয়ালে লাভ কৰিব মাটিৰ পট্টা।

আনহাতে এনডিএফবিৰ সদস্যসকলৰ ৰুজু হৈ থকা গোচৰসমূহ যাতে দ্ৰুতগতিত মুকলি হ’ব পাৰে, গোচৰ মুক্ত হ’ব পাৰে, তাৰবাবে ৰাজ্যচৰকাৰে স্পেচিয়েল ক’ৰ্ট বনাবলৈ প্ৰচেষ্টা হাতত লৈছে বুলিও মন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে।

You might also like