নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপ্রিম ক’ৰ্টৰ জাননী এনআৰচি সমন্বয়কলৈ

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ এন আৰ চিৰ সমন্বয়ক হিতেশ দেৱ শর্মাই শেহতীয়াকৈ জাৰি কৰা নির্দেশনাক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে আজি এন আৰ চিৰ সমন্বয়কজনলৈ জাননী প্রেৰণ কৰিছে৷ যোৱা বছৰ ১৩ অক্টোবৰত এনআৰচিৰ সমন্বয়ক হিতেশ দেৱ শর্মাই এখন জাননীযোগে ৰাজ্যৰ জিলা পঞ্জীয়কসকলক নাগৰিকপঞ্জীৰ তালিকাৰ পৰা বিদেশী ঘোষিত নাগৰিকসকলৰ নাম কর্তন কৰাৰ নির্দেশ দিছিল৷ লগতে সন্দেহযুক্ত নাগৰিক (‘ডি’ ভোটাৰ) আৰু বিদেশী ড্রিবিউনেলত যিসকলৰ গোচৰ চলি আছে, সেইসকল লোকৰ নামো নাগৰিকপঞ্জীৰ পৰা কর্তন কৰাৰ নির্দেশ প্রদান কৰিছিল৷

লক্ষণীয়ভাৱে জমিয়ত উলেমা–ই–হিন্দে প্রথমতে শর্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ ৰজু কৰিছিল যদিও মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে নেতৃত্বাধীন খণ্ড বিচাৰপীঠে যোৱা ১৩ জানুৱাৰীত উক্ত গোচৰ খাৰিজ কৰি আবেদনখন সংশোধিত আকাৰত দাখিল কৰিবলৈ নির্দেশ দিছিল৷ ন্যায়ালয়ৰ বক্তব্য– হিতেশ দেৱ শর্মাই প্রদান কৰা নির্দেশনাৰ ন্যায়িক তথা আইনী বৈধতাহে চালিজাৰি চাব পাৰি৷ সেইমর্মে সংশোধিত আবেদনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ ব’বডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰাম সুব্রমণিয়নৰ বিচাৰপীঠে আজি এন আৰ চিৰ সমন্বয়ক হিতেশ দেৱ শর্মালৈ জাননী জাৰি কৰে৷ লক্ষণীয়ভাৱে ন্যায়ালয়ত জমিয়তৰ তৰফৰ পৰা কোৱা হয় যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ তথা তত্ত্বাৱধানত অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে৷ তেনে ক্ষেত্রত এনআৰচিৰ সমন্বয়কে ন্যায়ালয়ৰ অনুমোদন নোলোৱাকৈ উক্ত নির্দেশনা কেনেকৈ জাৰি কৰিব পাৰে? জমিয়তৰ মতে, হিতেশ দেৱ শর্মাই এই কার্যৰ দ্বাৰা আদালতক অৱমাননা কৰিছে৷ পিছে মুখ্য ন্যায়াধীশ ব’বডেৰ বিচাৰপীঠে আদালত অৱমাননাতকৈ এনআৰচিৰ সমন্বয়কজনে জাৰি কৰা নির্দেশনা কিমান যুক্তিসংগত তথা আইনী আৰু ন্যায়িক দৃষ্টিকোণৰ পৰা বৈধ হয় নে নহয়, সেয়া চালিজাৰি চাবলৈ সাজু হৈছে৷ লক্ষণীয়ভাৱে জমিয়ত উলেমা–ই–হিন্দৰ হৈ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি আগবঢ়ায়৷

You might also like