নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ তামিলনাডুত ৱেব ডিজাইনিং কোম্পানীৰ মালিকৰ কুকীৰ্তি। অফিছত মহিলাকর্মীৰ শৌচালয়ত গোপন কেমেৰা লগাইছিল এইজন ব্যক্তিয়ে। আৰু সেই কেমেৰা দিয়েই মহিলা কর্মীৰ গোপন মুহূর্তৰ ছবি তুলি ৰাখিলে সেই লোকজনে। কিন্তু অপকৰ্মৰ শেষ সদায় বেয়া। পোহৰলৈ আহিল এই সত্য। থানাত অভিযোগ দাখিল কৰিলে অফিচৰেই এগৰাকী মহিলা কর্মীয়ে। যাৰ ভিত্তিত অভিযুক্ত লোকজনক গ্রেপ্তাৰ কৰিলে আৰক্ষীয়ে।
জনা গৈছে, ঘটনাটো তামিলনাডুৰ কন্যাকুমাৰী জিলাৰ। এছ সঞ্জু নামৰ পাল্লিভালিৰ এইগৰাকী বাসিন্দাই বিগত চাৰি বছৰ ধৰি ZThree Infotech নামৰ এই ৱেব ডিজাইনিং সংস্থা চলাইছিল। তেওঁ এমাহ আগতে নাগৰকয়ল অঞ্চললৈ কাৰ্যালয়লৈ স্থানান্তৰিত কৰিছিল। বিগত সপ্তাহতেই নতুনকৈ তিনিগৰাকী মহিলাই তেওঁৰ অফিছত যোগ দিছিল।
লগতে পঢ়কঃ ৰাকেশ টিকেইতঃ যাৰ চকুলোৱে নতুন প্রাণ দিলে কৃষক আন্দোলনক
এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্রকাশিত প্রতিবেদন অনুযায়ী, এগৰাকী কৰ্মীয়ে শৌচালয়লৈ যাওতে তাত থকা এটা ক’লা ৰঙৰ স্থানত তেওঁৰ চকু পৰে। সেইটো হাতেৰে লৰাই চাওতেই কেমেৰাটো দেখা পায়। যাৰ পাছতে মহিলা কৰ্মীগৰাকীয়ে স্থানীয় থানাত উপস্থিত হৈ গোটেই বিষয়টো জনাই অভিযোগ দাখিল কৰে।
এই অভিযোগৰ তদন্ত কৰিবলৈ আৰক্ষী অফিছত উপস্থিত হয়। আৰক্ষীয়ে মহিলাৰ শৌচালয়টোৰ পৰা উদ্ধাৰ কৰে গোপন কেমেৰাটো। লগতে অভিযুক্ত মালিকৰ মোবাইল আৰু লেপটপো জব্দ কৰা হয়।
ইতিমধ্যে ভাৰতীয় দণ্ডবিধি ৩৫৪A এবং ৬৭A ধাৰাত সঞ্জুৰ নামত এক গোচৰ ৰুজু কৰা হৈছে।