আত্মনির্ভৰ বাজেটঃ লোকসভাত প্রথমবাৰৰ বাবে কাগজবিহীন বাজেট দাখিল কেন্দ্রীয় বিত্তমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ ক’ৰোনাসৃষ্ট পৰিৱেশক লৈ উদ্বিগ্ণ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা ২০২১–২২ বিত্তীয় বর্ষৰ কেন্দ্রীয় সাধাৰণ বাজেট আজি সংসদত দাখিল কৰা হয়৷ ক’ৰোনাকালৰ মাজতে দাখিল কৰা বহুপ্রত্যাশিত বাজেটত পৃষ্ঠাই পৃষ্ঠাই প্রতিফলিত হয়আত্মনির্ভৰ ভাৰতৰ শ্লোগান৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে লোকসভাত ইতিহাসত প্রথমবাৰৰ বাবে দাখিল কৰা কাগজবিহীন বাজেটত বিগত বর্ষৰ তুলনাত মূলধন ব্যয় ৩৪.৫ শতাংশ বৃদ্ধি কৰা হয়৷ ১৫.০৬ লাখ কোটি বিত্তীয় ঘাটিৰে বাজেটত মুঠ ব্যয় নির্ধাৰণ কৰা হৈছে ৩৪.৮৩ লাখ কোটি টকা৷ ২০২১–২২ বর্ষত বিত্তীয় ঘাটি ৬.৮ শতাংশতে সীমাবদ্ধতা কৰি ৰখাৰ লক্ষ্যৰে দাখিল কৰা বাজেটত জি ডি পিৰ ১৩ শতাংশ আত্মনির্ভৰ ভাৰতত ব্যয় কৰা হ’ব৷ ২০২০–২১ বর্ষত মূলধন ৪.৩৯ লাখ ব্যয় কৰাৰ বিপৰীতে চলিত বিত্তীয় বর্ষত এই ধন ব্যয় হ’ব ৫.৫ লাখ কোটি টকা৷ মুঠ বাজেটৰ মূলধন ৫.৫ লাখ কোটি টকা ব্যয় হোৱাৰ বিপৰীতে বাকী ধন ৰাজহৰ লগতে বিভিন্ন উৎসৰ পৰা সংগ্রহীত হ’ব৷
আনপিনে, ১২ লাখ কোটি টকা বজাৰৰ পৰা ঋণযোগে সংগ্রহ কৰিব৷ বিত্তীয় ঘাটি জি ডি পিৰ ৬.৮ শতাংশৰে দাখিল কৰা বাজেটত সর্বাধিক প্রাধান্য দিয়া হৈছে স্বাস্থ্যক৷ ইয়াৰ সমান্তৰালকৈ আন্তঃগাঁথনি, প্রতিৰক্ষা, ৰে’ল, পথ আৰু ৰাষ্ট্রীয় ঘাইপথকে ধৰি কৃষি আৰু কৃষকৰ কল্যাণক গুৰুত্ব প্রদান কৰা হৈছে৷ ঘাতক ক’ভিড–১৯ৰ সৈতে দেশৰ লগতে বিশ্বই যুঁজি থকাৰ পৰিপ্রেক্ষিতত ৰাজনৈতিক, অর্থনৈতিক আৰু কৌশলগত সম্পর্কসমূহ সলনি হোৱাৰ পাছত আজি দাখিল কৰা বাজেটত যুৱ চামৰ সংস্থাপনৰ লগতে দেশ প্রথম সংকল্পৰ ৮ খণ্ডক প্রাধান্য দিয়া হয়৷ মোদী চৰকাৰ ২.০ৰ বিত্তমন্ত্রী হিচাপে তৃতীয়বাৰ সাধাৰণ বাজেট দাখিল কৰা নির্মলা সীতাৰমণে বিগত দুবছৰৰ তুলনাত এইবেলি ভাষণ চুটিকৈ প্রদান কৰে৷ ১ ঘণ্টা ৫০ মিনিট বাজেট ভাষণ প্রদান কৰি বিত্তমন্ত্রী সীতাৰমণে ক’ভিড–১৯সৃষ্ট পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি সপোনৰ বাজেট দাখিল কৰা বুলি মন্তব্য কৰে৷ প্রতিশ্রুতি আৰু আশাক লৈ দেশে এই বাজেটেৰে নতুন সূর্যোদয়ৰ আভাক আদৰণি জনাব বুলি উল্লেখ কৰি বিত্তমন্ত্রীগৰাকীয়ে ২০২১–২২ বর্ষৰ বাজেট ৬টা স্তম্ভক লৈ যুগুত কৰা হৈছে বুলি কয়৷ স্বাস্থ্য আৰু কল্যাণ, বিত্তীয় মূলধন–আন্তঃগাঁথন্, আকাংক্ষিত ভাৰতৰ বাবে ব্যাপক উন্নয়ন, মানৱ পুঁজি পুনৰুজ্জীৱিত, উদ্ভাৱন আৰু গ্রাম্য উন্নয়ন, নূ্যনতম চৰকাৰ আৰু সর্বোচ্চ প্রশাসনৰ আধাৰত যুগুত কৰা সাধাৰণ বাজেটখনত আত্মনির্ভৰ ভাৰতৰ শ্লোগান পৃষ্ঠাই পৃষ্ঠাই প্রতিফলিত হৈছে৷
দেশৰ ইতিহাসত প্রথমবাৰৰ বাবে ডিজিটেল লোকপিয়ল ৰূপায়ণ কৰা হ’ব বুলি ঘোষণা কৰি বিত্তমন্ত্রীগৰাকীয়ে এই লোকপিয়ৰ বাবে ৩,৭৬৮ কোটি টকা আবণ্টন দিয়ে৷ ক’ৰোনাই কঢ়িয়াই অনা সংকটত মানৱ স্বাস্থ্যৰ প্রতি গুৰুত্ব আৰোপ কৰি এইবেলি বাজেটত স্বাস্থ্যক সবাতোকৈ বেছি গুৰুত্ব দিয়া হয়৷ স্বাস্থ্যখণ্ডত বিগত বর্ষৰ তুলনাত ১৩৭ শতাংশ বৃদ্ধিৰে স্বাস্থ্যত বাজেটৰ ধন নির্ধাৰণ কৰে ২.২৩ লাখ কোটি টকা৷ ২০২০–২১ বর্ষত স্বাস্থ্য শিতানত ৯৪ হাজাৰ কোটি টকা ব্যয় কৰাৰ বিপৰীতে এইবেলি বাজেটত ধার্য কৰা ২.২৩ লাখ কোটি টকাৰে দেশজুৰি স্বাস্থ্য আৰু মানৱ কল্যাণৰ বাবে বিভিন্ন প্রতিষ্ঠান কেন্দ্র আৰু গৱেষণাগাৰ নির্মাণ কৰিব৷ ইপিনে ঘাতক ক’ভিড–১৯ৰ ভেকচিনৰ বাবে বাজেটত ৩৫ হাজাৰ কোটি টকা ধার্য কৰা হৈছে৷
তদুপৰি প্রধানমন্ত্রী আত্মনির্ভৰ স্বাস্থ্য ভাৰত যোজনা হিচাপে নতুনকৈ কেন্দ্রীয় চৰকাৰে ধ্বজাবাহী আঁচনি মুকলি কৰিব৷ এই ধ্বজাবাহী আঁচনিৰ বাবে ৬ বছৰৰ কাৰণে ৬৪,১৮০ কোটি টকা নির্ধাৰণ কৰা হৈছে৷ মিছন পোষণ–২.০ আৰম্ভ কৰাৰ উপৰি নগৰ স্বচ্ছ ভাৰত অভিযান ২.০ৰ বাবে বাজেটত ১,৪১,৬৭৮ কোটি টকা ধার্য কৰা হৈছে৷ স্বাস্থ্য শিতানত কেইবাটাও অভিলেষী আঁচনি ঘোষণা কৰাৰ লগতে জলজীৱন মিছন (নগৰ)ৰ বাবে ২,৮৭,০০০ কোটি টকা ধার্য কৰা হৈছে৷ তাৎপর্যপূর্ণ যে একক ব্যৱহূত প্লাষ্টিক হ্রাস কৰা আৰু বায়ু প্রদূষণ ৰোধৰ বাবে বাজেটত ২,২১৭ কোটি টকা ধার্য কৰা হৈছে৷ নির্ধাৰিত পুঁজিৰে বায়ু প্রদূষণ ৰোধৰ বাবে নিযুত জনসংখ্যা থকা চহৰত ৪২টা কেন্দ্র স্থাপন কৰা হ’ব৷ লক্ষণীয় যে বাজেটত স্ক্রেপিং নীতি ঘোষণা কৰি এই নীতি অনুসৰি স্বেচ্ছামূলকভাৱে ২০ বছৰ ব্যৱহাৰ কৰা ব্যক্তিগত বাহনসমূহ বন্ধ কৰাৰ লগতে ১৫ বছৰ ব্যৱহাৰ কৰা বাণিজ্যিক বাহনসমূহ বন্ধ কৰাত গুৰুত্ব দিয়া হ’ব৷ ক’ৰোনাকালে বিধ্বস্ত কৰা দেশৰ জনতাই ব্যক্তিগত উপার্জনৰ আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰিব বুলি আশা কৰিছিল যদিও আজিৰ বাজেটত আয়কৰ ৰেহাইৰ সীমা কোনো সালসলনি নকৰিলে৷ অৱশ্যে বয়োজ্যেষ্ঠ নাগৰিক অর্থাৎ ৭৫ বছৰ ঊর্ধ্বৰ লোকসকলক আয়কৰৰ পৰা ৰেহাই দিয়ে৷ এই বয়োজ্যেষ্ঠ নাগৰিকসকলে উপার্জনৰ আয়কৰ পৰিশোধ কৰিব নালাগে৷ আনকি ৭৫ বছৰ ঊর্ধৰ পেন্সনাৰ আয়কৰ ৰেহাই দিয়া হৈছে৷ জি এছ টিৰ ক্ষেত্রত অনেক সংশোধনী অনা হৈছে৷ প্রবাসী ভাৰতীয়সকলে উপার্জনৰ অডিট কৰিব নালাগে৷ আনপিনে, ৯৫ শতাংশ ডিজিটেল লেনদেন কৰা ব্যৱসায়ীসকলৰ আয়কৰৰ ৰেহাইৰ সীমাও বর্ধিত কৰা হৈছে৷ পূর্বৰ ৫ কোটিৰ বিপৰীতে এই সীমা ১০ কোটিলৈ বৃদ্ধি কৰা হৈছে৷ বীমাত পূর্বৰ ৪৯ শতাংশ এফ ডি আই (প্রত্যক্ষ বিদেশী বিনিয়োগ)ৰ বিপৰীতে এইবেলিৰ বাজেটত এই এফ ডি আই ৭৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷
চলিত বর্ষৰ পৰাই এল আই চিৰ আই পি অ’ বলৱৎ কৰাৰ লগতে বীমা আইন সংশোধন কৰা হ’ব৷ বীমাত এফ ডি আই বৃদ্ধি কৰিলেও ব’ডত ৫০ শতাংশ দেশীয় থাকিব লাগিব৷ চুবুৰীয়া ৰাষ্ট্র চীনৰ আগ্রাসী মনোভাবৰ প্রতি লক্ষ্য ৰাখি ৭.৪ শতাংশ বৃদ্ধিৰে প্রতিৰক্ষা শিতানত বাজেট ধার্য কৰা হৈছে ৪.৭৮ লাখ কোটি টকা৷ সাধাৰণ বাজেটৰ লগত সংযুক্ত কৰি দাখিল কৰা ৰে’ল বাজেটত ব্যয় নির্ধাৰণ কৰিছে ১.১০ লাখ কোটি টকা৷ ৰাষ্ট্রীয় ৰে’ল পৰিকল্পনা ২০৩০ৰ প্রস্তুতি সম্পূর্ণ কৰি এই বাজেটত এই ধন ধার্য কৰা হৈছে৷ কৃষি ঋণ ১৬.৫ লাখ কোটি টকা বৃদ্ধি কৰাৰ লগতে এন এছ পি ডেৰ গুণ বৃদ্ধি কৰা হৈছে৷ দেশজুৰি এক দেশ এক ৰেচন কার্ড বলৱৎ কৰাৰ ফলত প্রব্রজিত শ্রমিক আৰু বনুৱাৰ লাভাম্বিত হ’ব৷ তদুপৰি, শ্রমিকসকলৰ তথ্যৰ বাবে প’র্টেল স্থাপন কৰিব৷ এম এছ এম ই খণ্ডৰ বাবে ১৫,৭০০ কোটি টকা নির্ধাৰণ কৰাৰ লগতে ক্ষুদ্র জলসিঞ্চন পুঁজি দুগুণ কৰি ১০,০০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ আনহাতে, কৌশলগত নির্বিনিয়োগ ২০২১–২২ত সম্পূর্ণ হ’ব বি পি চি এল এয়াৰ ইণ্ডিয়া আই ডি বি আই বেংককে ধৰি বিভিন্ন চৰকাৰী প্রতিষ্ঠানৰ৷ কৌশলগত নির্বিনিয়োগৰ বাবে নতুন নীতিতো অনুমোদন জনোৱা হৈছে৷ আবকাৰী শুল্ক কেইবাটাও সামগ্রীত বৃদ্ধি কৰাৰ ফলত সেই সামগ্রীসমূহৰ দাম বৃদ্ধি পাব৷ ৩১ মার্চৰ পৰা আবকাৰী শুল্ক বৃদ্ধি হোৱাৰ বাবে ইলেক্ট্রনিক সামগ্রী, ম’বাইল ফোন, ম’বাইল চার্জাৰ, আমদানিকৃত ৰেফ্রিজেৰেটৰ, চ’লাৰ ইনভার্টাৰ আদিৰ মূল্য বৃদ্ধি পাব৷ মূল্য বৃদ্ধি পোৱা তালিকাত মচুৰ দাইল, কাবুলি চানাও আছে৷ আনপিনে, আবকাৰী শুল্ক হ্রাস পোৱাৰ বাবে সোণ–ৰূপকে ধৰি কেইবাবিধো সামগ্রীৰ মূল্য হ্রাস পাব৷ তেনেদৰে লো, তীখা, নাইলনৰ বস্ত্র, তামৰ সামগ্রী, বীমা, জোতা, কৃষি সঁজুলি, বিদ্যুৎ আদি সস্তা হ’ব৷ বিদ্যুৎ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩,০৫,৯৮৪ কোটি টকা ধার্য কৰাৰ বিপৰীতে ৰাষ্ট্রীয় হাইড্র’জেন শক্তি অভিযান ২০২১–২২ মুকলি কৰা হ’ব৷ পি পি পি আর্হিত বন্দৰ পৰিচালনাৰ বাবে ৭টা প্রকল্পত ২,০০০ কোটি টকা ধার্য কৰা হৈছে৷
ইপিনে পি পি পি আর্হিত ২০,০০০ অধিক চলাচল কৰা হ’ব৷ ৰাষ্ট্রীয় গৱেষণা সংস্থা উন্নীত কৰাৰ বাবে ৫০,০০০ কোটি টকা, ডিজিটেল লেনদেনক উৎসাহিত কৰাৰ বাবে ১,১৫০ কোটি টকা ধার্য কৰা হৈছে৷ মন কৰিবলগীয়া যে দক্ষতা বিকাশৰ বাবে বাজেটত কেইটাবাও অভিলেষী আঁচনি গ্রহণ কৰি যুৱৰ সুযোগ বৃদ্ধিৰ বাবে ৰাষ্ট্রীয় এপ্রেনটিচিপ প্রশিক্ষণ আঁচনিৰ বাবে ৩,০০০ কোটি টকা ধার্য কৰিছে৷ পি এল আইত পাঁচ বছৰৰ বাবে ১.৯ লাখ কোটি টকা ধার্য কৰা হৈছে৷ মেগা ইনভেষ্টমেণ্ট টেক্সটাইল পার্ক (মিত্র) আঁচনিৰ অধীনত দেশৰ বিভিন্ন ৭খন টেক্সটাইল পার্ক স্থাপন কৰা হ’ব৷ আন্তঃগাঁথনিক প্রাধান্য দিয়া বাজেটত পথ আৰু ৰাষ্ট্রীয় ঘাইপথৰ বাবে ১,১৮,১০১ কোটি টকা ধার্য কৰা হৈছে৷ ডেভেলপমেণ্ট ফাইনেঞ্চিয়েল ইনষ্টিটিউচন (ডি এফ আই)ৰ বাবে ২০,০০০ কোটি টকা ধার্য কৰা হৈছে৷ ৰাজহুৱা খণ্ডৰ বেংকৰ বাবে ২০,০০০ কোটি টকাৰ মূলধন ধার্য কৰা হৈছে৷ আত্মনির্ভৰ শ্লোগানেৰে দাখিল কৰা বাজেটখনক লৈ মিশ্রিত প্রতিক্রিয়া সৃষ্টি হৈছে৷ শাসকীয় বিজেপিয়ে বাজেটখন গ্রামীণ ভাৰত আৰু কৃষকৰ লগতে দৰিদ্র জনগণৰ কল্যাণৰ উৎকৃষ্ট বুলি দাবী কৰাৰ বিপৰীতে বিৰোধী কংগ্রেছকে ধৰি কেইবাটাও দলে বাজেটখনক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে৷