৩৪ হাজাৰ কোটি ব্যয়েৰে তিনি বছৰত নির্মাণ হ’ব অসমৰ ১৩০০ কিঃমিঃ ৰাষ্ট্রীয় ঘাইপথ
সীতাৰমণৰ বাজেটত উত্তৰ–পূর্বাঞ্চলৰ বাবে ধার্য ৬৮,০২০.২৪ কোটি টকা
নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ লোকসভাত সোমবাৰে দাখিল কৰা আগন্তুক ২০২১–২২ বর্ষৰ বাজেটত উত্তৰ–পূর্বাঞ্চলৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে সর্বমুঠ ৬৮,০২০.২৪ কোটি টকা ধার্য কৰিছে৷ বাজেট ভাষণত কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে অসমৰ কথা বিশেষকৈ উল্লেখ কৰি অহা তিনি বছৰত ৰাজ্যৰ ঘাইপথ নির্মাণৰ বাবে ৩৪,০০০ কোটি টকাৰ এক বিশেষ পেকেজৰ কথা ঘোষণা কৰিছে৷ এই বৃহৎ পৰিমাণৰ পুঁজিৰে আগন্তুক তিনি বছৰত অসমত ১,৩০০ কিলোমিটাৰৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰা হ’ব৷ কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে বাজেট ভাষণত প্রকাশ কৰা মতে, এই মুহূর্তত অসমত ১৯,০০০ কোটি টকাৰ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ কাম চলি আছে৷ মন কৰিবলগীয়া যে অসমৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰো বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ অসমৰ দৰে পশ্চিমবংগতো আছে চাহ উদ্যোগ৷ দুয়োখন ৰাজ্যৰ চাহ শ্রমিকসকলৰ কল্যাণ আঁচনিত ১,০০০ কোটি টকাৰ বিশেষ পেকেজৰ কথাও ঘোষণা কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে৷ চাহ শ্রমিক বিশেষকৈ মহিলা আৰু শিশুসকলৰ কল্যাণার্থে উক্ত বুজন পৰিমাণৰ ধনৰাশি ব্যয় কৰা হ’ব৷ পিছে ১,০০০ কোটি টকাৰ ভিতৰত অসম আৰু পশ্চিমবংগৰ বাবে সুকীয়া সুকীয়াকৈ কিমান টকা ব্যয় কৰা হ’ব তাৰ কোনো হিচাপ বাজেটত দাঙি ধৰা নাই কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে৷ অৱশ্যে কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ বাজেটত অসমৰ চাহ শ্রমিকসকলৰ সামাজিক সুৰক্ষাৰ বাবে সুকীয়াকৈ ৬০ কোটি টকা ধার্য কৰা হৈছে৷
লক্ষণীয়ভাৱে চলিত ২০২০–২১ বর্ষৰ তুলনাত আগন্তুক ২০২১–২২ বিত্তীয় বর্ষত কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে উত্তৰ–পূর্বাঞ্চলৰ বাবে ৭,৯০৮.১৩ কোটি টকা বেছিকৈ ধার্য কৰিছে৷ ২০২০–২১ বর্ষত উত্তৰ–পূর্বাঞ্চলৰ বাবে বাজেটত ধার্য কৰিছিল ৬০,১১২.১১ কোটি টকা৷ ইয়াৰ বিপৰীতে ২০২১–২২ বিত্তীয় বর্ষৰ বাবে ধার্য কৰিছে ৬৮,০২০.২৪ কোটি টকা৷ উত্তৰ–পূর্বাঞ্চলৰ ক্ষেত্রত বাজেট বৃদ্ধিৰ হাৰ হৈছে ১৩.১৫ শতাংশ৷ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে এইবাৰ দাখিল কৰা বাজেটত উত্তৰ–পূর্বাঞ্চলৰ কৃষিখণ্ডৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰিছে যদিও পূর্বৰ বাজেটতকৈ আবণ্টন হ্রাস কৰাহে পৰিলক্ষিত হৈছে৷ ২০২১–২২ বিত্তীয় বর্ষত উত্তৰ–পূর্বাঞ্চলৰক্ বাবে ধার্য কৰিছে ১২,২৪২.৭০ কোটি টকা৷ ২০২০–২১ বর্ষত ধার্য কৰিছিল ১৩,৩৮০.৯৮ কোটি টকা৷ পিছে কৃষি, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্রত পূর্বতকৈ কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে উত্তৰ–পূর্বাঞ্চলৰব্ বৃদ্ধি কৰিছে৷ ২০২০–২১ বর্ষত কৃষি, শিক্ষা আৰু গৱেষণাত ধার্য কৰা হৈছিল ৫৩৪.৯৩ কোটি টকা আৰু এইবাৰ ধার্য কৰিছে ৬৪৮.৬০ কোটি টকা৷ অহা তিনি বছৰত অসমৰ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে ৩৪,০০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছে যদিও ২০২১–২২ বিত্তীয় বর্ষত অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চলৰ পথ নির্মাণৰ বাবে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ক প্রদান কৰিছে ৯,৫৯০ কোটি টকা৷ যোৱা বছৰ প্রদান কৰিছিল ৬,৭৮০ কোটি টকা৷
আনহাতে কৃষি আৰু পথ নির্মাণৰ উপৰি বাজেটত উত্তৰ–পূর্বাঞ্চলৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডতো যথেষ্ট গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ অঞ্চলটোৰ স্বাস্থ্যখণ্ডৰ বাবে ধার্য কৰিছে ৮,৭৮৮.৪৭ কোটি টকা৷ যোৱা বছৰ আছিল ৭,৯৬৬.৫৯ কোটি টকা৷ আনহাতে উত্তৰ–পূর্বাঞ্চলৰ শিক্ষাখণ্ডত কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে সর্বমুঠ ৭,৯৩১.৯৭ কোটি টকা ব্যয়ৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ইয়াৰ ভিতৰত বিদ্যালয় শিক্ষাৰ বাবে ধার্য কৰিছে ৪,৯১৯.৭৭ কোটি আৰু উচ্চ শিক্ষাৰ বাবে ধার্য কৰিছে ৩,০১২.২০ কোটি টকা৷ আনহাতে উত্তৰ–পূর্বাঞ্চলৰ গ্রামোন্নয়নত কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে ধার্য কৰিছে ৭,৬৯৭.৭৮ কোটি টকা৷ একেদৰে অঞ্চলটোৰ জল আৰু অনাময় খণ্ডৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে ২০২১–২২ বর্যৰ বাবে ধার্য কৰিছে ৫,৮৯৭.১৮ কোটি টকা৷ এইক্ষেত্রত পূর্বতকৈ তেওঁ বাজেট যথেষ্ট বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ যোৱাবাৰ পানীয় জল আৰু অনাময়ৰ বাবে বিত্তমন্ত্রীগৰাকীয়ে ধার্য কৰিছিল ২,১৪৯.৪০ কোটি টকা৷ একেদৰে উত্তৰ–পূর্বাঞ্চলৰ নাৰী আৰু শিশু কল্যাণত ২,৪১৭ কোটি, শক্তিখণ্ডত ১,৭৭২.৫০ কোটি, ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ বাবে ১,৪৫৭.৪৬ কোটি, শ্রম আৰু নিয়োগত ১,২৭৫.৬০ কোটি, বাণিজ্যত ৯৩৪.৩০ কোটি, যোগাযোগ ব্যৱস্থাত ৯৩২.৫৭ কোটি, আৰক্ষী উন্নয়ন শীতানত ৭৫৮.৭৫ কোটি টকা ব্যয়ৰ লক্ষ্য নির্ধাৰণ কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে৷
লক্ষণীয়ভাৱে কেন্দ্রীয় ড’নাৰ মন্ত্রালয়ৰ বাবে এইবাৰ বাজেট হ্রাস কৰাহে পৰিলক্ষিত হৈছে৷ ২০২০–২১ বিত্তীয় বর্ষত ড’নাৰ মন্ত্রালয়ৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে ধার্য কৰিছিল ৩,০৯৮.৭৩ কোটি টকা৷ ২০২১–২২ বিত্তীয় বর্ষৰ বাবে বিত্তমন্ত্রীগৰাকীয়ে ধার্য কৰিলে ২,৬৮৪ কোটি টকা৷ ইয়াৰ ভিতৰত উত্তৰ–পূব পৰিষদৰ অধীনত থকা আঁচনিৰ বাবে ব্যয় কৰা হ’ব ২২০.৫৯ কোটি টকা৷ যোৱা বছৰ এই শিতানত ধার্য কৰিছিল ২৮৭.৩২ কোটি টকা৷ একেদৰে ড’নাৰ মন্ত্রালয়ৰ অধীনত বিটিআৰৰ উন্নয়ন বাবে বিটিচিক ১১ কোটি টকা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদক ৩৭.৭৫ কোটি আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২২ কোটি টকা বিশেষভাৱে আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে৷ ইফালে, নামৰূপ সাৰকাৰখানাক লৈ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ সৈতে কেন্দ্রীয় বিভাগীয় মন্ত্রীয়ে এখন বৈঠকত মিলিত হৈ শীঘ্রেই কাৰখানাটোৰ চতুর্থ গোট স্থাপন কৰা হ’ব বুলি আশ্বাস দিছিল যদিও আজিৰ বাজেটত নামৰূপ সাৰকাৰখানত ২০২১–২২ বর্ষত মাত্র ৭৯.৪৪ কোটি টকা বিনিয়োগ কৰা হ’ব বুলিহে উল্লেখ কৰা হৈছে৷ একেদৰে নগাঁও আৰু কাছাৰ কাগজকল যে আৰু পুনৰুজ্জীৱিত নহয় সেই কথাও কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণৰ বাজেটৰ পৰা আজি স্পষ্ট হৈ পৰিছে৷ উত্তৰ–পূর্বাঞ্চলত বিনিয়োগৰ বাবে কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্রালয়ৰ বাবে ধার্য কৰিছে মাত্র ৮৫ লাখ টকাহে৷ আনহাতে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণৰ বাজেটত অসমৰ বান সমস্যাৰ বিষয়টোৱে কার্যতঃ গুৰুত্ব লাভ নকৰিলে৷ উত্তৰ–পূর্বাঞ্চলত জলসম্পদ (জলশক্তি) মন্ত্রালয়ৰ বাবে ধার্য কৰিলে মাত্র ৪২৮ কোটি টকাহে৷