নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলিঅ’ ড্ৰপৰ পৰিৱৰ্তে হেণ্ড চেনিটাইজাৰঃ চিকিৎসালয়ত ভৰ্তি ১২ টা শিশু

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ পলিঅ’ ড্ৰপৰ পৰিৱৰ্তে হেণ্ড চেনিটাইজাৰ দিয়া হ’ল মুখৰ ভিতৰত! এই ঘটনাত ১২ জন শিশু অসুস্থ হৈ পৰাত ভর্তি কৰা হ’ল হাস্পতালত৷ ভয়ংকৰ এই ঘটনাটো ঘটিছে মহাৰাষ্ট্রৰ ঘাতাঞ্জি জিলাৰ অন্তর্গত কাপছি-কোপাৰি গাঁৱৰ প্রাথমিক স্বাস্থ্য কেন্দ্রত৷

 সংবাদ সংস্থা আইএএনএছৰ মতে সোমবাৰে প্রাথমিক তদন্তৰ পাছত এই ঘটনাৰ সৈতে অভিযুক্ত তিনি নাৰ্চক নিলম্বন কৰিছে জিলা স্বাস্থ্য কর্তৃপক্ষই৷

বিগত দেওবাৰৰ পৰা আৰম্ভ হৈছে তিনি দিনৰ ৰাষ্ট্ৰীয় পালছ পলিঅ টিকাকৰণ কর্মসূচি (National Polio Immunisation programme)। প্রথম দিনাই ঘটিল অসতর্কতাৰ এই ঘটনা৷ স্বাস্থ্য বিষয়াই জনাইছে যে, কিছু সংখ্যক শিশুক পলিঅ’ ড্ৰপৰ সলনি হেণ্ড চেনিটাইজাৰ দিয়া হয়।

যাৰ পাছতে বমি আৰম্ভ হয় শিশুকেইটাৰ৷ তাৰপাছত সকলো আক্রান্ত শিশুকে নিকটৱর্তী বসন্তৰাও নায়ক চৰকাৰী মেডিকেল কলেজ ও হাস্পতালত (Vasantrao Naik Government Medical College & Hospital) ভৰ্তি কৰা হয়।

You might also like