নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথত কংক্রিটৰ দেৱাল, পোতা হৈছে লোহাৰ জোং! কৃষক আন্দোলন ৰুদ্ধ কৰিবলৈ দিল্লীত আৰক্ষীৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ফটোত দেখিবলৈ পোৱা এয়া কোনো সুউচ্চ বিল্ডিং অথবা অত্যাধুনিক দলং নিৰ্মাণৰ দৃশ্য নহয়। নিশা দিল্লী আৰক্ষীৰ দ্বাৰা নিৰ্মাণ কৰি থকা হৈছে পথৰ ওপৰত লোৰ জোং।

সিঙ্ঘু-টিকৰি-গাজিপুৰ সীমান্তত ‘কার্যতঃ’ দুর্গ নিৰ্মাণ কৰিলে দিল্লী আৰক্ষীয়ে। পথত চিমেন্ট ঢালি লগাই দিয়া হৈছে লোৰ জোং। লগতে দিয়া হৈছে কংক্রিটৰ বাধা। আছে বোল্ডাৰ-বেৰিকেডো। বন্ধ দিল্লীমুখী ৰাস্তা। কৃষক আন্দোলনক একপ্ৰকাৰ বাধা দিবলৈয়ে আৰক্ষীৰ এনে পদক্ষেপ। প্রসংগত, পূৰ্বৰ পৰায়ে বন্ধ ৰখা হৈছে ইন্টাৰনেট সেৱা। বন্ধ আছে পানী সৰবৰাহো।

এই দৃশ্যসমূহ এতিয়া ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এনে পদক্ষেপৰ তীব্র নিন্দা কৰি টুইট কৰিছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে। বহুকেইখন ছবি পোষ্ট কৰি তেওঁ কটাক্ষ কৰি চৰকাৰক উদ্দেশ্যি লিখিছে, “দলং নিৰ্মাণ কৰক, বেৰ নহয়!”

You might also like