নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰক বিজেপিৰ নির্বাচনী প্রভাৰী নিযুক্তি

অসমৰ বিধানসভা নির্বাচন

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনক লৈ ৰাজ্যিক বিজেপিয়ে পূর্ণ প্রস্তুতি চলোৱাৰ সময়তে আজি ৰাষ্ট্রীয় নেতৃত্বই অসমৰ বাবে কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰক অসমৰ নির্বাচনী কমিটীৰ প্রভাৰী ৰূপে নিযুক্তি দিছে৷ আনহাতে, ড’নাৰ মন্ত্রী জিতেন্দ্র সিঙক কমিটীখনৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷ আগন্তুক সময়ছোৱাত নির্বাচন সম্পর্কীয় সকলো দিশ নৰেন্দ্র সিং টোমৰ আৰু জিতেন্দ্র সিঙে পর্যবেক্ষণ কৰিব৷

উল্লেখ্য যে নির্বাচনৰ প্রতি লক্ষ্য ৰাখি সাংগঠনিক দিশ শক্তিশালী কৰি তোলা ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে পৃষ্ঠাপ্রমুখ সন্মিলন৷ এনে তৎপৰতাৰ মাজতে আজি সন্ধিয়া মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় বিধানসভা নির্বাচন সন্দর্ভত এক গুৰুত্বপূর্ণ বৈঠক৷ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, মুখ্যমন্ত্রীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, সাংসদ তথা ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু মন্ত্রী ভৱেশ কলিতা উপস্থিত থকা বৈঠকখনত নির্বাচন সন্দর্ভত বিভিন্ন দিশ আলোচনা কৰা হয়৷ এই বৈঠকতে অহা সাত ফেব্রুৱাৰীত অসম ভ্রমণলৈ আহিব লগা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যসূচী সন্দর্ভতো বিস্তৃত আলোচনা হয়৷

You might also like