নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষৰ নৱেম্বৰত চিত্রগৃহত মুক্তি পাব নতুন অসমীয়া ছবি অনু’ৰ

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ অসমীয়া বোলছবি জগতৰ বাবে এটা ইতিবাচক খবৰ৷ নতুন অসমীয়া কথাছবি ‘অনু’ৰ’ শীর্ষক কথাছবিত এগৰাকী অৱসৰপ্রাপ্ত আইএএছ বিষয়াৰ ৰূপত অভিনয় কৰিছে৷ বলীউডৰ অভিনেতা তথা পৰিচালক ৰজত কাপুৰে৷ সাহিত্যিক, সাংবাদিক অনুৰাধা শর্মা পূজাৰীৰ চুটিগল্পৰ আধাৰত নির্মিত ছবি ‘অনু’ৰ’ত অভিনয় কৰিছে ৰজত কাপুৰে৷ উল্লেখ্য যে এইখনেই হ’ল ৰজত কাপুৰ অভিনীত প্রথমখন অসমীয়া ছবি৷ ইতিমধ্যে, অসমৰ বহুকেইটা মনোমোহা লোকেচনত সম্পূর্ণ হৈছে ছবিখনৰ শ্বুটিঙৰ কাম৷ মঞ্জুল বৰুৱাই পৰিচালনা কৰা এই ছবিখনৰ কাহিনী আৰু লোকেচনক লৈ অত্যন্ত সুখী বলীউডৰ অভিনেতাগৰাকী৷ ইফালে, শ্বুটিঙৰ বাবে অতি কম সময়ৰ ভিতৰতে অসমীয়া ভাষা শিকিছে বলীউডৰ অভিনেতাগৰাকীয়ে৷

‘আন ভাষাৰ তুলনাত অসমীয়া ভাষা কিছু জটিল যদিও শিকিবলৈ সহজ৷’ মোক কম সময়ৰ ভিতৰত এই ভাষা শিকাইছে অমৃত প্রীতমে৷ আজি মহানগৰীৰ হাতীগাঁৱত আয়োজন কৰা এক সংবাদ মেলত নিজৰ অভিজ্ঞতাৰ বিষয়ে এইদৰে কয় অভিনেতাগৰাকীয়ে৷ ইফালে, শীঘ্রে অসমৰ ভ্রাম্যমাণ থিয়েটাৰ আৰু পুতলা নাচৰ ওপৰতো ছবি নির্মাণৰ পৰিকল্পনাৰ কথা সদৰী কৰে অভিনেতাগৰাকীয়ে৷ উল্লেখ্য যে শিৱম ক্রিয়েচনৰ বেনাৰত নির্মিত এই কথাছবিখনৰ সাজসজ্জা গৰিমা শইকীয়া গার্গ, সংগীত তৰালি শর্মা আৰু ছাউণ্ড ডিজাইনাৰ অমৃত প্রীতমৰ৷ ছবিখনত অভিনয় কৰিছে ৰজত কাপুৰ, ডাঃ জাহানাৰা বেগম,বলোৰাম দাস, উদয়ন দুৱৰা, বিভুতি ভূষণ হাজৰিকা, ডাঃ জয়ন্ত দাস, অমূল্য কাকতি প্রমুখ্যে বহু নবীন, প্রবীণ শিল্পী কলা–কুশলীয়ে৷ সীমিত বাজেটৰ এই ছবিখন অহা নৱেম্বৰত ছবিগৃহলৈ আহিব বুলি মন্তব্য কৰিছে পৰিচালক মঞ্জুল বৰুৱাই৷ ছবিখনৰ চিত্রগ্রহণ কৰিছে সুমন দুৱৰাই৷ ছবিখনে দর্শকৰ সমাদৰ লাভ কৰিব বুলি সাহিত্যিক সাংবাদিক অনুৰাধা শর্মা পূজাৰীয়ে মতামত ব্যক্ত কৰে৷

You might also like