কেন্দ্রক কঠোৰ ভাষাৰে সমালোচনা ৰাহুলৰ
নিয়মীয়া বাৰ্তা, ৪ ফেব্রুৱাৰীঃ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত নতুন দিল্লীৰ সীমান্তত প্রতিবাদ চলাই থকা কৃষকৰ আন্দোলনক সমর্থন জনাই অহা ৰাহুলে কালি এক সংবাদ মেলযোগে মোদী চৰকাৰক সমালোচনা কৰাৰ লগতে সকীয়নি দিয়ে৷
কৃষকৰ আন্দোলনত মূৰ দোঁওৱাৰ পূর্বেই চৰকাৰে এতিয়াই সমস্যা সমাধান কৰাটো ভাল বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয়– ‘দিল্লী কৃষকে আগুৰি আছে৷ তেওঁলোক, যিয়ে আমাক ভৰণ–পোষণ দিয়ে৷ কিয় দিল্লীক দুর্গ ৰূপে সজোৱা হৈছে? কিয় তেওঁলোকক ভাবুকি, নির্যাতন আৰু হত্যা কৰা হৈছে? কিয় চৰকাৰে তেওঁলোকৰ সৈতে আলোচনা কৰি সমস্যাৰ সমাধান কৰা নাই? এই সমস্যা দেশৰ কাৰণে শুভ নহয়৷’
কৃষকৰ সমস্যাৰ পৰা চৰকাৰক আঁতৰি নাযাবলৈ আহ্বান জনায় এতিয়াই সমাধানৰ পথ বিচৰা উচিত বুলিও উল্লেখ কৰে ৰাহুলে৷