ৰহস্যজনকভাৱে অন্তর্ধান বহু গুৰুত্বপূর্ণ নথিৰ মূল কপী
ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য পোহৰলৈ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ দুর্নীতিৰ অনুসন্ধান
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ ডিব্রুগড় বিশ্ববিদ্যালয়ত সংঘটিত বিয়াগোম দুর্নীতি সন্দর্ভত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে গঠন কৰি দিয়া উচ্চ পর্যায়ৰ কমিটীয়ে কালিৰে পৰা দুর্নীতিৰ অভিযোগৰে সম্পর্ক থকা সকলো ফাইল, নথি–পত্র পুংখানুপুংখভাৱে পৰীক্ষা কৰিছে৷ তদুপৰি বিশ্ববিদ্যালয়খনৰ কার্যবাহী পৰিষদে কালি নিলম্বন কৰা পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্ত আৰু উপ–পঞ্জীয়ক (বিত্ত আৰু হিচাপ) দিগন্ত বৰাৰ ভাষ্য আজি তদন্ত কমিটীয়ে গ্রহণ কৰে৷ লগতে দুয়োকে বিশ্ববিদ্যালয় চৌহদ এৰি নাযাবলৈ নির্দেশ দিয়া হৈছে৷ ইয়াৰ মাজতে তদন্ত কমিটীয়ে কেতবোৰ গুৰুত্বপূর্ণ নথিৰ মূল ‘কপী’ লাভ নকৰাত যথেষ্ট বিমোৰত পৰিছে৷ জানিব পৰা মতে, উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে ব্যৱহাৰ কৰা গাড়ীৰ ট্রেভেল এজেঞ্চী আৰু গুৱাহাটীত নিশা কটোৱা হোটেলৰ ৰচিদৰ নমুনাক লৈ অনুসন্ধানকালত ওলাইছে বহু বিস্ফোৰক তথ্য৷ ট্রেভেল এজেঞ্চী আৰু হোটেলৰ ৰচিদৰ মাজত কোনো পার্থক্য নথকাৰ লগতে ৰচিদসমূহত লিখা হাতৰ আখৰ হুবহু বুলি ফৰেনছিকৰ বিশেষজ্ঞৰ দ্বাৰা প্রমাণিত হৈছে৷ অর্থাৎ ট্রেভেল এজেঞ্চীৰ বিলৰ লগতে হোটেলত নিশা কটোৱাৰ বাবদ দিয়া ৰচিদত স্বাক্ষৰ কৰা ব্যক্তি একেজনেই৷ আনহাতে, এখন স্কুটীৰে (?) শ্বিলং আৰু লখিমপুৰলৈ আহ–যাহ কৰা উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে গাড়ীৰ বিলৰ লগতে নিশা কটোৱা হোটেলৰ বিলৰ হস্তাক্ষৰৰ নমুনা একেই যদিও মূল ‘কপী’ অন্তর্ধান হৈছে উপাচার্যৰ কার্যালয়ৰ পৰা৷ বিশ্ববিদ্যালয়ৰ বিত্ত আৰু হিচাপ বিভাগৰ কার্যালয়ত এই বিলৰ মূল ‘কপী’ বিচাৰি পোৱা নাই তদন্ত কমিটীয়ে৷ ‘বিল’ৰ নকল কপী আছে যদিও মূল কপী নথকাটোৱে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে গঠন কৰি দিয়া ফেক্টছ ফাইণ্ডিং কমিটীয়ে তদন্তৰ প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰিছিল যে উপাচার্যজনে ভ্রমণ কৰা বহু গুৰুত্বপূর্ণ ৰচিদ উদ্ধাৰ হোৱা নাই৷ তদুপৰি ট্রেভেল এজেঞ্চীৰ ৰচিদ, গুৱাহাটীত নিশা থকা হোটেলৰ ৰচিদৰ কপী পোৱা হোৱা নাই৷ সেইসময়ত ফেক্টছ ফাইণ্ডিং কমিটীয়ে আৰু উল্লেখ কৰিছিল যে তেওঁলোকে কার্যালয়ত সোমোৱাৰ পূর্বে উক্ত গুৰুত্বপূর্ণ ফাইল বা ৰচিদসমূহ টোপোলা আকাৰত বান্ধি পেলোৱা হৈছিল৷ তদুপৰি কার্যালয়ৰ বিষয়ায়ো এইক্ষেত্রত সহযোগ নকৰা বুলি পঞ্জীয়কক অৱগত কৰি তিনি সদস্য ক্রমে পল্লৱী ডেকা বুজৰবৰুৱা, দয়ানন্দ দত্ত আৰু অসীম গগৈয়ে ফেক্ট ফাইণ্ডিং কমিটীৰ পৰা অব্যাহতি লৈছিল যোৱা ২৯ জানুৱাৰীত৷ অর্থাৎ তেতিয়াই দুর্নীতিগ্রস্ত উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে বিপদৰ উমান পাই আগতীয়াকৈ ট্রেভেল এজেঞ্চীৰ ৰচিদসমূহ আঁতৰাই কোনো সুৰক্ষিত স্থানত থোৱা বুলি ধাৰণা কৰা হৈছে৷ বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, বিষয়া–কর্মচাৰী সন্থা আৰু শিক্ষার্থীসকলে আচার্য তথা ৰাজ্যপাল অধ্যাপক মুখীয়ে গঠন কৰি দিয়া উচ্চ পর্যায়ৰ কমিটীখনৰ তদন্ত প্রক্রিয়াত সকলো প্রকাৰৰে সহযোগ কৰিছে৷ কিন্তু গুৰুত্বপূর্ণ নথি বিচাৰি নোপোৱাত বিপাঙত পৰিছে তদন্তকাৰী দলটো৷ কোনে হৰলুকী কৰিলে বিশ্ববিদ্যালয়ৰ অতি গুৰুত্বপূর্ণ নথি–পত্র? এয়া এক বৃহৎ প্রশ্ণ হৈ পৰিছে৷
ইফালে, বিশ্ববিদ্যালয়ৰ কার্যবাহী পৰিষদৰ পদক্ষেপক উচ্চ শিক্ষানুষ্ঠানখনৰ সকলো পক্ষই আন্তৰিকতাৰে আদৰণি জনাইছে৷ বিশ্ববিদ্যালয়খনৰ বিষয়া সন্থা, শিক্ষক সন্থা, কর্মচাৰী সন্থা আৰু শিক্ষার্থী সমাজ, ছাত্র সমাজ তথা আছু গোটে সন্তুষ্টি প্রকাশ কৰিছে৷ লগতে সমগ্র তদন্ত প্রক্রিয়া নিকা আৰু স্বচ্ছ হ’ব বুলি আশা প্রকাশ কৰিছে৷ শিক্ষক সন্থাৰ সভাপতি লক্ষীৰাম শইকীয়াই আজি সাংবাদিকক কয়– আমি যিমান পাৰোঁ তদন্ত প্রক্রিয়াত সহযোগ কৰিছোঁ৷ যিসমূহ তথ্যপাতি বা নথি তেওঁলোকক যোগান ধৰা হৈছে, সেইবিলাক আমি ভালদৰে বিশ্লেষণ কৰি দিছোঁ৷ বহু নথি পাইছোঁ যদিও অতিকৈ গুৰুত্বপূর্ণ নথি তথা যিসমূহৰ বিষয়ে সংবাদ মাধ্যমত বহুল প্রচাৰ হৈছে, সেই নথিৰ মূল কপীসমূহ এতিয়াও পাবলৈ সক্ষম হোৱা নাই৷ উক্ত নথিসমূহ নাপালে সমগ্র তদন্ত প্রক্রিয়াটোৱেই অন্য দিশে ঢ়াল খোৱাৰ সম্ভাৱনা আছে৷ তেতিয়া গোটেই অভিযানটোৱে সত্যাসত্যতা নিৰূপন কৰাত সফল হ’ব নোৱাৰিব৷ সেয়ে কোন বিষয়াই উক্ত ফাইলৰ মূল কপী ৰাখিছে তাৰেই অনুসন্ধানত আছোঁ বুলি লক্ষীৰাম শইকীয়াই মন্তব্য কৰে৷ উল্লেখ্য যে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন দুর্নীতি সন্দর্ভত গঠন কৰা উচ্চস্তৰীয় তদন্তকাৰী দলটোত আছে উজনি অসমৰ আয়ুক্ত মলয় বৰা, শিক্ষা বিভাগৰ আয়ুক্ত–সচিব প্রীতম শইকীয়া, ফৰেনছিক বিজ্ঞানী ৰাজীৱ শেনছোৱা আৰু ইচৰাফ্রিল মুছাহাৰী৷ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন দুর্নীতি সন্দর্ভত কালি দিনৰ ২.৩০ বজাৰ পৰা তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে৷