চেন্নাইত আজিৰে পৰা প্রথম টেষ্ট; আত্মবিশ্বাসী টীম ইণ্ডিয়া
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ অবিশ্বাস্য প্রদর্শনেৰে অষ্ট্রেলিয়াক ঘৰৰ মাটিত বিধ্বস্ত কৰি আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজিৰে পৰা ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টত অৱতীর্ণ হ’ব৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ, তাৰকা অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনৰ প্রত্যাৱর্তন ঘটিব৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে দাঙি ধৰা চমকপ্রদ প্রদর্শনৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে কোহলি বাহিনীয়ে আজিৰে খেলপথাৰত নামিব৷ আজিংক্য ৰাহানেৰ নেতৃত্বত অষ্ট্রেলিয়াত অসাধ্য সাধন কৰা দলটোৰ শক্তি বৃদ্ধি কৰিব কোহলিৰ প্রত্যাৱর্তনে৷ কোহলিৰ লগতে সহঃ অধিনায়ক ৰাহানে, ৰোহিত শর্মা, শ্বেটেশ্বৰ পূজাৰা আৰু শুভমন গীলে ভাৰতীয় বেটিং বিভাগৰ দায়িত্ব বহন কৰিব৷ ব্রিছবেন টেষ্টত বিস্ফোৰক বেটিঙেৰে টীম ইণ্ডিয়ালৈ স্মৰণীয় জয় কঢ়িয়াই অনা উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টৰ ওপৰতো ভাৰত নির্ভৰশীল হ’ব৷ ঋদ্ধিমান সাহাৰ পৰিৱর্তে পণ্টক প্রথম টেষ্টত মূল একাদশত অন্তর্ভুক্ত কৰা হ’ব বুলি অধিনায়ক কোহলিয়ে সদৰী কৰিছে৷ ‘
ইফালে, আঘাতৰ বাবে অষ্ট্রেলিয়াৰ বিৰুদ্ধে অন্তিম টেষ্টত খেলিব নোৱাৰা বুমৰাহ আৰু অশ্বিনৰ আগমনে টীম ইণ্ডিয়াৰ বলিং শক্তি দুগুণে বৃদ্ধি কৰিব৷ ভাৰতে আজি অশ্বিনৰ লগতে আন দুগৰাকী স্পীনাৰ ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেলৰ সৈতে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷ বেগী বলিং আক্রমণত বুমৰাহৰ সংগী হ’ব পাৰে উদীয়মান তাৰকা মহম্মদ চিৰাজ৷ \
ইফালে, জেমছ এণ্ডাৰছন, ষ্টুৱার্ট ব্রড আৰু জ’ফ্রা আর্চাৰৰ দৰে তাৰকা বেগী বলাৰেৰে ইংলেণ্ডে ভাৰতীয় বেটছমেনক ৰোধ কৰাৰ পৰিকল্পনা ৰচিছে৷ সদ্যসমাপ্ত শ্রীলংকা ভ্রমণৰ পৰা আঁতৰি থকা দুই তাৰকা আর্চাৰ আৰু বেন ষ্ট’কছৰ আগমনে আলহী দলটোক আত্মবিশ্বাসী কৰি তুলিছে৷ স্পীন বলিঙত ইংলেণ্ডৰ প্রধান ভৰসা হ’ব অভিজ্ঞ স্পীনাৰ মঈন আলী৷ বাঁওহতীয়া স্পীনাৰ জেক লীচে মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে ঘৰৰ মাটিত শেহতীয়াকৈ একেৰাহে ১২টা টেষ্ট শৃংখলাত অপৰাজেয় হৈ থকা টীম ইণ্ডিয়াই অন্তিমবাৰৰ বাবে ইংলেণ্ডৰ হাততে পৰাজয়ৰ সন্মুখীন হৈছিল৷ ২০১২ত ভাৰতক ঘৰৰ মাটিত হৰুৱাই ইংলেণ্ডে ইতিহাস ৰচিছিল৷ এই ইতিহাসৰ পুনৰাবৃত্তিৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব জ’ ৰুট নেতৃত্বাধীন ব্রিটিছ বাহিনী৷ অধিনায়ক ৰুটে আজি কেৰিয়াৰৰ শততম টেষ্ট খেলিব৷
খেলৰ সময়: পুৱা ৯.৩০ বজা৷