এটা অবিস্মৰণীয় দিনঃ শিক্ষক পিতা-পুত্ৰই একেদিনাই লাভ কৰিলে নিযুক্তি
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তিৰ জৰিয়তে বিগত ২৮ বছৰে বিনাবেতনে মৰিগাঁৱৰ বৰ চকা বহা আঞ্চলিক হাইস্কুলত শিক্ষকতা কৰা শিক্ষক অতুল চন্দ্ৰ নাথে অৱশেষত চৰকাৰী স্বীকৃতি লাভ কৰিলে।
কেৱল নিজৰ নিযুক্তিয়েই নহয় আজি একেদিনাই তেওঁৰ পুত্ৰ প্ৰাঞ্জল নাথেও লাভ কৰিলে হাইস্কুল শিক্ষকৰ নিযুক্তি। টেটৰ বিজ্ঞান শাখাত মৰিগাঁও জিলাৰ শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰাঞ্জল।
আনহাতে একেদিনাই ২৮ বছৰীয়া সংগ্ৰামৰ অন্তত অতুল চন্দ্ৰ নাথে আজি ইয়াৰ বাবে আন্তৰিক ধন্যবাদ জনায় ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। একেদৰে পুত্ৰয়ো প্ৰকাশ কৰিলে পিতৃৰ দীৰ্ঘ সংগ্ৰাম আৰু আজি প্ৰাপ্তিৰ আনন্দ তেওঁৰ নিজৰ নিযুক্তিৰ আনন্দতকৈ অনন্য বুলি।
উল্লেখ্য, অসমৰ শিক্ষাখণ্ডত এক ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা শিক্ষামন্ত্ৰীয়ে আজি ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি দিয়াত ধন্যবাদ জনাইছে অসমৰ শিক্ষক সমাজে।