নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মুকলিৰ দাবীত উত্তাল ধৰ্ণা

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ এক চৰম অনিশ্চয়তাত ৰাজ্যৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ পূব কয়লা ক্ষেত্ৰ । কি হ’ব জাতীয় উদ্যোগটোৰ ভৱিষ্যত আজিও স্পষ্ট কৰা নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে ।

আজি অখিল ভাৰতীয় খাদান মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সভাপতি ভাৰত ভূষণ বৰঠাকুৰৰ নেতৃত্বৰ প্ৰতিষ্ঠানটোৰ মাৰ্ঘেৰিটাস্থ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলিকৰণৰ দাবীত ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰে শতাধিক শ্ৰমিক কৰ্মচাৰীয়ে ।

উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ ভৱিষ্যতৰ সম্পৰ্কে একো নিশ্চয়তা অহা নাই ফলত সৃষ্টি হৈছে চৰম অনিশ্চয়তা। ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক খাদ্য সংশাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক সাক্ষাৎ কৰা তথা ২০২০ বৰ্ষৰ নবেম্বৰৰ পৰা প্ৰতিষ্ঠানটো আৰম্ভ হোৱাৰ কথা সংবাদমাধ্যমৰ প্ৰকাশ কৰিছিল যদিও আজি পৰ্যন্ত উদ্যোগটোৰ উৎপাদন আৰম্ভ হোৱাৰ কোনো সম্ভাৱনীয়তাই পৰিলক্ষিত হোৱা নাই ।

আজিৰ প্ৰতিবাদস্থলিত অখিল ভাৰতীয় খাদান মজদুৰ সংঘৰ কেন্দ্ৰীয় সম্পাদক ৰাজীৱ ৰঞ্জন সিং উপস্থিত থাকি কেন্দ্ৰ তথা ৰাজ্য চৰকাক দাবী জনাই অনতিপ্ৰলমে উত্তৰ পূৱ কয়লা উদ্যোগ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি সমগ্ৰ ভাৰতবৰ্ষতে ক’ল ইণ্ডিয়াৰ সমূহ কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মুকলিৰ দাবী উত্থাপন কৰা হৈছে বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে সিঙে।

উল্লেখ্য যে ২০১৯ বৰ্ষৰ ৩ জুনৰ পৰা উত্তৰ পূৱ কয়ল ক্ষেত্ৰ বন্ধ হৈ আছে। ফলত সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে অৰ্থনৈতিক মন্দা অৱস্থাৰ । এনেক্ষেত্ৰত চৰকাৰ প্ৰশাসনে অনতিপ্ৰলমে উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মুকলিৰ দাবী উত্থাপন হৈছে।

You might also like