নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক উৎখাত, কংগ্রেছ ইউডিএফক প্রতিহতৰ লক্ষ্যৰে হ’ব ঐক্যবদ্ধ যুঁজ

অজাপ–ৰাইজৰ দলৰ যৌথ সংবাদ মেল

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ বিজেপিক উৎখাত আৰু কংগ্রেছ–এ আই ইউ ডি এফক প্রতিহত কৰাৰ লক্ষ্যৰে ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হ’ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল৷ নৱগঠিত আঞ্চলিক দল দুটাৰ মাজত নির্বাচনী মিত্রতা নিশ্চিত হোৱাৰ পাছত আজি এখন যৌথ সংবাদ মেলত এই ঘোষণা কৰে দুয়োটা দলৰ নেতৃত্বই৷ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈৰ লগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা এক দীঘলীয়া আলোচনাত মিলিত হৈছিল৷ উক্ত বৈঠকতে দল দুটাৰ মিত্রতাত চূড়ান্ত ছীল–মোহৰ মৰা হয়৷ ইয়াৰ পাছত আজি আঞ্চলিক দল দুটাৰ নেতৃত্বই মহানগৰীত এখন যুটীয়া সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, কার্যকৰী সভাপতি পবিন্দ্র ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, কবীন্দ্র চেতিয়া ফুকন আৰু জিতুল ডেকা উপস্থিত থাকে৷ সংবাদ মেলত লুৰিণজ্যোতি গগৈয়ে কয় যে জাতীয় জীৱনৰ সন্ধিক্ষণত আপোচহীন ৰাজনৈতিক সংগ্রামৰ বাবে, জাতীয় জীৱনৰ বৰভেটি গঢ়িবৰ বাবে ঐক্যবদ্ধ জাতীয়তাবাদৰ কোনো বিকল্প নাই৷ ৰাষ্ট্রীয় দলৰ বৈষম্যমূলক নীতি আৰু সাম্প্রদায়িকতাৰ বিষবাষ্পই পৰিৱেশ দূষিত কৰি পেলোৱাৰ সময়ত জনসাধাৰণৰ মাজত ন্যায় প্রতিষ্ঠাৰ বাবে জাতীয়তাবাদী শক্তি একত্রিত হ’বই লাগিব৷ শ্লোগানধর্মী জাতীয়তাবাদৰ ঊর্ধ্বলৈ গৈ এটা শক্তিশালী জাতি গঢ়িবৰ বাবে, জাতীয় পুঁজি গঠনৰ বাবে দুয়োটা দলৰ মাজত দীঘলীয়া আলোচনা হৈছে৷ এই আলোচনাৰ অন্তত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে অহা নির্বাচনত ঐক্যবদ্ধভাৱে অৱতীর্ণ হোৱাৰ সিদ্ধান্ত লৈছে৷ একে সময়তে ৰাষ্ট্রীয় শক্তিৰ লগত সম্পর্ক নথকা স্বতন্ত্র–স্বাভিমানী আঞ্চলিক ৰাজনৈতিক শক্তিৰ লগতো আলোচনা অব্যাহত থাকিব৷ আনহাতে, নির্বাচনী ইছ্যু সন্দর্ভত তেওঁ কয় যে বর্তমানৰ চৰকাৰখন জাতীয় জীৱনৰ প্রতিটো সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্রত চূড়ান্তভাৱে ব্যর্থ হৈছে৷ অপৰাধমূলক ঘটনাৰ ক্ষেত্রত অসমৰ স্থান ওপৰলৈ গৈছে, ইয়াৰ বিপৰীতে উৎপাদনৰ ক্ষেত্রত অৱনমিত হৈছে৷ এনে প্রেক্ষাপটত অসম জাতীয় পৰিষদ বা ৰাইজৰ দলে কি কি কাম কৰিব, শক্তিশালী অসমীয়া জাতি গঢ়াৰ সবিশেষ পৰিকল্পনা অসমৰ ৰাইজক অৱগত কৰা হ’ব৷ অজাপৰ সভাপতিগৰাকীয়ে ৰাষ্ট্রীয় আৰু সাম্প্রদায়িক দলৰ লগত মিত্রতা অসম্ভৱ বুলি পনৰ স্পষ্ট কৰি দিয়ে৷ সংবাদ মেলত ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে আজিৰ এই ঐতিহাসিক ক্ষণত অসমবাসীয়ে এক আশাৰ খবৰ লাভ কৰিছে৷ অসমখনক, অসমীয়া জাতিক শত্রুৰ আক্রমণৰ পৰা বচাবৰ বাবে অসমবাসীয়ে দুয়োটা আঞ্চলিক দল ঐক্যবদ্ধ হোৱাটো বিচাৰিছিল৷

ৰাইজৰ আহ্বানৰ প্রতি সন্মান জনাই আজি ফেচীবাদী শক্তিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ঐক্যবদ্ধ হৈছে৷ বিজেপি–আৰ এছ এছৰ ভুৱা জাতীয়তাবাদ, অগপৰ বিশ্বাসঘাতকতাৰ পাছত আপোচহীন ৰাজনীতিৰ সংকল্পৰে গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্রতা নিঃসন্দেহে এক আশাৰ খবৰ৷ এখন নতুন অসম গঢ়াৰ যাত্রাত অসমবাসীৰ আশীর্বাদ আৰু সহযোগিতা কামনা কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে৷ দলটোৰ অন্যতম কার্যকৰী সভাপতি কবীন্দ্র চেতিয়া ফুকনে কয়– ‘কৃষ্ণ আৰু বলোৰাম আজি এক হৈছে৷ গতিকে কংসৰ পতন নিশ্চিত৷’ ইফালে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া স্বাক্ষৰিত এখন ঘোষণা–পত্রত এইদৰে কোৱা হয়– ‘অসমৰ এক জটিল সন্ধিক্ষণত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গঠন হৈছে৷ অসমৰ স্বাভিমানক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বাৰে বাৰে অপমান কৰি আহিছে৷ অসম আৰু অসমবাসীৰ বাবে অত্যন্ত ক্ষতিকাৰক আৰু ভৱিষ্যৎধ্বংসী আইন আৰু আঁচনি জাপি দিয়া হৈছে৷ ‘কা’ আইনে অসমবাসীৰ জাতিসত্তাক গভীৰ বিপদৰ সন্মুখলৈ ঠেলি দিছে৷ সোৱণশিৰি নদীবান্ধে উজনি অসমৰ বৃহৎসংখ্যক অসমবাসীৰ জীৱন আৰু সম্পত্তিলৈ অনিশ্চয়তা নমাই আনিছে৷ কেন্দ্রীয় চৰকাৰে বলপূর্বকভাৱে অসমক ইনাৰ লাইন পার্মিট ব্যৱস্থাৰ পৰা আঁতৰাই নিলে৷ বিজেপিৰ ৰাজ্য চৰকাৰে অসমবাসীক বাৰে বাৰে ভেঙুচালি কৰিছে৷ এনে পৰিপ্রেক্ষিততে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ আৱির্ভাব হৈছে৷ ২০২১ চনৰ বিধানসভা নির্বাচনৰ বাবে অসমত আঞ্চলিক শক্তিৰ জন্ম হৈছে৷ দুয়োটা দলে বিশ্বাস কৰে যে আগন্তুক নির্বাচনত ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ বিপৰীতে আঞ্চলিকতাবাদৰ আপোচবিহীন সংগ্রাম হ’ব৷ আমাৰ দুয়োটা দল এনে দৃষ্টিভংগীত বিশ্বাসী৷ বিজেপিয়ে দেশৰ ফেডাৰেল গাঁথনিত আঘাত হানিছে৷ সেই বাবেই আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক শক্তিৰ ভোটৰ বিভাজন নহ’বলৈ দুয়োটা দলে ব্যৱস্থা হাতত ল’ব বিচাৰিছে৷ অসমৰ অন্যান্য আঞ্চলিক শক্তিৰ লগতো সহযোগিতাৰ বাট মুকলি কৰিবলৈ দুয়োটা দলে প্রচেষ্টা অব্যাহত ৰাখিব৷ দুয়োটা দল বিজেপি, কংগ্রেছ আৰু এ আই ইউ ডি এফৰ পৰা দূৰত অৱস্থান কৰিব৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বৃহত্তৰ জাতিটোক বর্তমানৰ সন্ধিক্ষণত ঐক্যবদ্ধভাৱে আঞ্চলিক শক্তিৰ সপক্ষে থিয় দিবলৈ আহ্বান জনাইছে৷
দুই আঞ্চলিক দলক ৰাজ্যিক বিজেপিৰ কটাক্ষ
মিত্রতাপাশত আবদ্ধ হোৱা দুই নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (অজাপ) আৰু ৰাইজৰ দলৰ প্রতি তীব্র কটাক্ষ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ আজি এখন যৌথ সংবাদ মেলত নতুন ৰাজনৈতিক দল দুটাৰ নেতৃবৃন্দই মিত্রতাৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে ৰাজ্যিক বিজেপিয়ে প্রতিক্রিয়া প্রকাশ কৰিছে৷ ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে দুয়োটা দলকে ক্ষুৰধাৰ সমালোচনা কৰি কয় যে জাতীয়তাবাদৰ ভুৱা পোছাক পৰিধান কৰি অসমবাসীৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ চেষ্টা চলাই থকা অসম জাতীয় পৰিষদে নিজৰ প্রকৃত চৰিত্র ইতিমধ্যে ৰাইজৰ আগত দাঙি ধৰিলে৷ বাঁওপন্থী কৃষক মুক্তি সংগ্রাম সমিতিৰ ঔৰসত জন্ম হোৱা ৰাইজৰ দলৰ লগত কৰা মিত্রতাৰ ফলত ক্ষমতাৰ বাবে অসম জাতীয় পৰিষদে নিজৰ নামমাত্র অস্তিত্বকো বিসর্জন দিয়াটো জলজল–পটপট হৈ পৰিছে৷ এই প্রসংগত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্রজনে প্রণৱ বড়োৰ কথা উল্লেখ কৰে৷ তেওঁ পুনৰ কয় যে এজন সহজ–সৰল অসমীয়া প্রণৱ বড়ো অগ্ণিদগ্ধ হৈ হূদয়বিদাৰকভাৱে মৃত্যুবৰণ কৰোঁতে হাজাৰ হাজাৰ অসমীয়াই চকুলো টুকিছিল৷ কিন্তু সেই আৱেগিক সময়ত কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্যসকলে মুঠিয়ে মুঠিয়ে লাল চালাম দিছিল৷ যি লাল চালাম কমিউনিষ্টসকলে প্রদান কৰে৷ সেই স্বাভিমানী অসমীয়াজনৰ মৃত্যুত লাল চালাম দিয়াসকলৰ লগত নিজকে জাতীয়তাবাদী শক্তি বুলি পৰিচয় দিয়া অসম জাতীয় পৰিষদে কেৱল ক্ষমতাত অধিষ্ঠিত হ’বৰ বাবে আজি হাত মিলোৱাটো অত্যন্ত লজ্জাজনক৷ এই কার্যই তেওঁলোকৰ জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী চৰিত্রক বিলুপ্তি ঘটালে৷ শাসনৰ মাত্র চাৰে চাৰিটা বছৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ যুটীয়া নেতৃত্বৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদ তথা সহযোগত সমগ্র অসমৰ বৰাক–ব্রহ্মপুত্র উপত্যকাৰ প্রতিটো কোণৰ প্রতিটো জাতি–জনগোষ্ঠীৰ লোক, প্রতিজন ভাষা–ভাষী, প্রতিজন ধর্মীয় সম্প্রদায়ৰ লোকে নিজৰ প্রাপ্য লাভ কৰি মর্যাদাসহকাৰে জীৱন নির্বাহ কৰিব পাৰিছে৷ সমাজত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্রজনে দাবী কৰে৷ কেৱল সেয়াই নহয়, ৰাজ্য চৰকাৰে দশকজোৰা অসমৰ জাতীয় সমস্যাসমূহক সমাধান কৰি তুলিবলৈ সমর্থ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবেই তেওঁলোক শংকিত হৈছে৷ চৰকাৰে এনেধৰণে সমস্যাসমূহৰ সমাধান কৰিলে তেওঁলোকে সমাজত পুনৰ ভুৱা প্রচাৰ কৰি ৰাইজৰ দৃষ্টি আকর্ষণ কৰিব নোৱাৰিব তথা ৰাজনীতি কৰাৰ কোনো স্থল নাথাকিব আৰু সেয়ে সকলো বাঁওপন্থী, ভুৱা জাতীয়তাবাদীসকল এতিয়া একলগ হৈছে৷ অৱশ্যে এনেধৰণৰ কার্যক লৈ ৰাজ্যিক বিজেপি কোনো কাৰণতেই চিন্তিত নহয়, কেৱল তেওঁলোকৰ ভুৱা চৰিত্রক অসমৰ সর্বসাধাৰণ ৰাইজৰ জ্ঞাতার্থে আমি দাঙি ধৰিছোঁ৷

You might also like