ৰাজ্যজুৰি প্রধানমন্ত্রী–পেট্র’লিয়াম মন্ত্রী–মুখ্যমন্ত্রীৰ প্রতিকৃতি দাহ যুৱ–ছাত্র পৰিষদৰ
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ পেট্ৰ’ল–ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্রীৰ দেশজুৰি হোৱা আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাত ব্যর্থ হোৱাৰ প্রতিবাদত আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় পেট্ৰ’লিয়াম মন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রীৰ প্রতিকৃতি দাহ কৰে৷ এক বিবৃতিত সংগঠনটোৰ সভাপতি ৰাণা প্রতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰখনে দেশত অত্যাৱশ্যকীয় সামগ্রী আৰু ইন্ধনজাত সামগ্রী যেনে– পেড্র’ল, ডিজেল, ৰন্ধন গেছ আদিৰ মূল্য বৃদ্ধি কৰি জনগণক মাধমাৰ শোধাইছে৷ কেন্দ্রৰ বিজেপি চৰকাৰখনে ক্ষমতা দখল কৰা দিনৰে পৰা কেৱল বৃহৎ পুঁজিপতি আৰু কর্প’ৰেট গোষ্ঠীৰ স্বার্থৰ হকে কাম কৰি আহিছে৷ চৰকাৰে প্রতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত প্রায় ৪৭ টকাৰ কৰ আৰোপ কৰিছে৷ নৰেন্দ্র মোদীয়ে চৰকাৰ চলাব নোৱাৰি ৰাইজৰ ওপৰত অতিৰিক্ত কৰ জাপি দি, ৰাইজৰ মূৰত টাঙোন শোধাই চৰকাৰ চলাই আছে৷
পেট্ৰ’ল– ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ জিলা সমিতিয়ে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ নগাঁও চহৰৰ নতুন বজাৰত ৩৭নং ৰাষ্ট্রীয় পথৰ ওপৰত পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রতিকৃতি দাহ কৰিবলৈ বিচাৰোঁতেই আৰক্ষীয়ে বাধা দিয়াত উত্তাল পৰিৱেশ সৃষ্টি হয়৷ আৰক্ষীৰ বাধাকো নেওচি প্রতিবাদকাৰীসকলে প্রধানমন্ত্রী–মুখ্যম্ প্রতিকৃতি দাহ কৰিবলৈ চেষ্টা কৰে৷ আৰক্ষীয়ে পুনৰ বাধা প্রদান কৰাত প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘাত৷ আৰক্ষী–প্রতিবাদকাৰী খণ্ডযুদ্ধৰ সৃষ্টি হয়৷ বি
দেশজুৰি পেট্ৰ’ল–ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রতিবাদত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধান আৰু অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রতিকৃতি দাহ কৰে৷ যুৱ–ছাত্র পৰিষদৰ নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শর্মা আৰু ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি বর্মনৰ নেতৃত্বত প্রতিবাদকাৰীসকলে ‘পেড্র’ল–ডিজেলৰ মূল্য নিয়ন্ত্রণ কৰক’, ‘অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য হ্রাস কৰক’, ‘খাৰুৱা তেল–ৰন্ধন গেছৰ ওপৰত ৰাজ্য চৰকাৰৰ অতিৰিক্ত কৰ হ্রাস কৰক’ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
বঙাইগাঁৱৰ বৰপাৰাত ইন্ধনজাত সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রতিবাদ জনাই অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু পেড্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানৰ প্রতিকৃতি দাহ কৰে৷ সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত ৰাজপথত প্রতিবাদ সাব্যস্ত কৰি ‘মূল্যবৃদ্ধি ৰোধ কৰক’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘নৰেন্দ্র মোদী মুর্দাবাদ’ আদি শ্লোগান দি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷