নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবাটে যোৱাসকলক বাট দেখুৱাব লাগিব সমাজে

খাৰুপেটীয়াত ডিজিপি মহন্ত

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ ড্রাগছ, নিচাজাতীয় সামগ্রীয়ে যুৱপ্রজন্মৰ লগতে সমাজখনক ধবংসৰ পিনে ঠেলি দিছে৷ এনে নিচাজাতীয় সামগ্রীৰ পৰা সমাজ তথা যুৱপ্রজন্মক ৰক্ষা কৰি সঠিক পথৰ দিশ দেখুৱাব লাগিব সমাজে৷ –আজি খাৰুপেটীয়াত এই মন্তব্য কৰে ৰাজ্য আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ আজি উৎকৃষ্ট সেৱাৰ আৰক্ষী পদক লাভ কৰা দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাক সম্বর্ধনা জনাবলৈ খাৰুপেটীয়া আৰক্ষী থানা চৌহদত এক সম্বর্ধনা সভাত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কয়– উগ্রপন্থীৰ বিৰুদ্ধে মোকাবিলা কৰাৰ বাবে অসম আৰক্ষী ভাৰতত দ্বিতীয় নহয়, সকলোৰে আগত৷ আমি ৰাইজৰ সেৱাত বহু সতীর্থ হেৰুৱালোঁ৷ মহিলাক ভাৰতবর্ষৰ সংবিধানে পুৰুষৰ সমানে মর্যাদা প্রদান কৰিছে৷ মহিলা আৰু শিশুৰ ক্ষেত্রত আৰক্ষীয়ে সদাসতর্কতা অৱলম্বন কৰিছে৷ একেদৰে গাঁওৰক্ষী বাহিনীয়ে আৰক্ষী আৰু ৰাইজৰ মাজত সেঁতুৰ দৰে কাম কৰে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্রধান মহন্তই৷ উল্লেখ্য যে খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তর্গত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত খাৰুপেটীয়া থানা চৌহদত আয়োজন কৰা সম্বর্ধনা অনুষ্ঠানত ৭২ সংখ্যক গণৰাজ্য দিৱসত উৎকৃষ্ট সেৱাৰ পদকপ্রাপ্ত দৰঙৰ সুদক্ষ আৰক্ষী অধীক্ষক অমিত ভূঞাক খাৰুপেটীয়া আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি, শৰাই আৰু মানপত্র আদিৰে সম্বর্ধনা জনোৱা হয়৷ সভাত অঞ্চলটোৰবহু বয়োজ্যেষ্ঠ নাগৰিকক ফুলাম গামোচা আৰু চাদৰেৰে সম্বর্ধনা জনোৱা হয়৷

You might also like