আজিলৈকে জমা নিদিলে কর্মচাৰী ভৱিষ্যনিধিৰ ১৭ কোটি টকা
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক পণ্যগাৰ নিগমত কর্মৰত বিষয়া–কর্মচাৰীসক প্রাপ্যৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰৰ কর্মচাৰীয়ে সপ্তম দৰমহা আয়োগৰ সুবিধা লাভ কৰাৰ সময়তে পণ্যগাৰ নিগমৰ কর্মচাৰীসকলে এতিয়াও ষষ্ঠ দৰমহা আয়োগৰ সা–সুবিধাহে লাভ কৰি আহিছে৷ দীর্ঘদিনে সপ্তম দৰমহা আয়োগৰ ভিত্তিত সা–সুবিধা প্রদান কৰিবলৈ দাবী কৰি অহাৰ সময়তে প্রতিষ্ঠানটোৰ বিষয়া–কর্মচাৰীসক ভৱিষ্যনিধি পুঁজিৰ পৰাও বঞ্চিত হোৱাৰ উপক্রম ঘটিছে৷ কিয়নো আজিলৈ কর্মচাৰীসকলৰ ভৱিষ্যনিধি শিতানত জমা দিয়া হোৱা নাই প্রায় ১৭ কোটি টকা৷ যাৰ পৰিপ্রেক্ষিতত ইতিমধ্যে অৱসৰ গ্রহণ কৰা কর্মচাৰীসকলক বছৰ বছৰি ধৰি গ্রেছ্যুইটী আৰু ভৱিষ্যনিধি শিতানৰ ধন আদায় দিব পৰা নাই৷
ইফালে, বিভাগটোৰ এক শীর্ষ সূত্রই সদৰী কৰা অনুসৰি প্রাপ্যৰ পৰা বঞ্চিত হৈ কর্মচাৰীসকলে হাহাকাৰ কৰি থকাৰ সময়ত নিগমৰ পৰিচালন সঞ্চালক তেজ প্রসাদ ভোছালে আন্দামান নিকোবৰ ভ্রমণলৈ ওলাইছে৷ পৰিচালন সঞ্চালকগৰাকীৰ এই বিলাস ভ্রমণক লৈ কর্মচাৰীসকলৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷ আনকি একাংশ কর্মচাৰীয়ে এই ভ্রমণ স্থগিত ৰাখি বিভাগটোৰ উন্নয়নৰ বাবে কাম কৰিবলৈও পৰিচালন সঞ্চালকগৰাকীলৈ আহ্বান জনাইছে৷ আগন্তুক সময়ত এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰিলে তীব্র প্রতিবাদী কার্যসূচী ল’বলৈ কর্মচাৰীসকল সাজু হৈছে বুলি জানিব পৰা গৈছে৷