লাইকা দধীয়াবাসীক পাহাৰপুৰ আৰু নামফাই অঞ্চলত পুনৰ সংস্থাপনৰ বিৰোধিতা
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ লাইকা দধীয়াবাসীক মাৰ্ঘেৰিটা মহকুমাৰ পাহাৰপুৰ আৰু নামফাই বনাঞ্চলত অসম চৰকাৰে দিব বিচৰা সংস্থাপনৰ তীব্ৰ বিৰোধিতা অব্যাহত আছে মাৰ্ঘেৰিটা মহকুমাৰ সমগ্ৰ টিৰাপ অঞ্চলত।
লাইকা দধীয়াবাসীক পাহাৰপুৰ আৰু নামফাই বনাঞ্চলত পুনঃ সংস্থাপনৰ ব্যৱস্থাত চৰকাৰ অটল থকাৰ বাবে আজি এই প্ৰতিবাদী কাৰ্যসূচীয়ে তীব্ৰ ৰূপ লয়। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বিভিন্ন দল সংগঠন আৰু সহস্ৰাধিক টিৰাপবাসী ৰাইজ ৰাজপথলৈ পুনৰ ওলাই আহিব লগা হয় আৰু প্ৰতিবাদী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
এই পথ অৱৰোধ-প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুয়ো মূৰে শতাধিক যান বাহন বহু সময়ৰ বাবে আবদ্ধ হৈ পৰে। আজিৰ প্ৰতিবাদী ৰাইজে হুংকাৰ দিয়ে যে কোনো কাৰণতে লাইকা দধীয়া বাসীক পাহাৰপুৰ আৰু নামফাই বনাঞ্চলত সংস্থাপন কৰিবলৈ দিয়া নহ’ব।