পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষীৰ গণনা সম্পন্ন
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ শীতৰ সময়ছোৱাত পৰিভ্রমী পক্ষীৰ কলৰৱেৰে মুখৰিত হয় এশিঙীয়া গঁডৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য৷ এইবেলি পবিতৰা অভয়াৰণ্যত দ্বিতীয়বাৰৰ বাবে গণনা কৰা হয় জলচৰ পক্ষী৷ দেওবাৰে অভয়াৰণ্যখনৰ ৬টা খণ্ডত এই জলচৰ পক্ষী গণনা কার্য সম্পাদন কৰা হয়৷ ইয়াৰে তামুলীডোবা এলেকাত ৩টা, পাগলাডোবাত এটা, হঁাহচৰাত এটা, ধলীবিলত এটা মুঠ ৬টা খণ্ডত কৰা হয় জলচৰ পক্ষী গণনাৰ কাম৷
এই গণনা কার্যত স্বেচ্ছাসেৱী সংগঠন ‘আৰণ্যক’, শিপা, পবিতৰা জীপ ছাফাৰি সন্থা আৰু বন বিভাগৰ বিষয়া–কর্মচাৰীৰ ৫০জনৰো অধিক গণনাকাৰী নিয়োজিত হয়৷
পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জানিবলৈ দিয়া মতে, ২০১৯–২০ বর্ষত পবিতৰাত জলচৰ পক্ষী গণনাত ৬৪ প্রজাতিৰ ১৫ সহস্রাধিক পক্ষী পোৱা গৈছিল৷ বিগত বর্ষৰ ২৭ জানুৱাৰীত কৰা পক্ষী গণনাৰ সংখ্যাৰ তুলনাত এই বর্ষত বৃদ্ধি হৈছে জলচৰ পক্ষীৰ সংখ্যা৷ এইবেলিৰ জলচৰ পক্ষী গণনাত পবিতৰাৰ জলাশয়সমূহত প্রায় ৬০টা প্রজাতিৰ প্রায় ২৫ হাজাৰ পক্ষী পোৱা যায়৷ অৱশ্যে এই সময়ছোৱাত শীতৰ প্রকোপ হ্রাস পোৱাৰ বাবে ইতিমধ্যে কেইবাটাও প্রজাতিৰ পক্ষীয়ে স্থান ত্যাগ কৰা বুলিও জনাইছে পবিতৰাৰ বন বিষয়া মুকুল তামুলীয়ে৷