অনন্য কৃতিত্ব অর্জন অংকিতা ৰাইনাৰ
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ সন্মানীয় গ্রেণ্ডশ্লামৰ মূল পর্বত স্থান লাভ কৰি এক অনন্য কৃতিত্ব অর্জন কৰিলে ভাৰতৰ প্রতিভাৱান টেনিছ খেলুৱৈ অংকিতা ৰাইনাই৷ কাইলৈৰ পৰা মেলবর্নত অনুষ্ঠিত হ’বলগীয়া বছৰটোৰ গ্রেণ্ডশ্লাম অষ্ট্রেলিয়ান অ’পেনৰ মহিলা শাখাৰ ডাবলছত মূল পর্বত খেলাৰ সুযোগ লাভ কৰিছে অংকিতাই৷ ইয়াৰ লগে লগে গ্রেণ্ডশ্লামৰ মূল পর্বত খেলাৰ সুযোগ লাভ কৰা অংকিতা হ’ল ভাৰতৰ পঞ্চমগৰাকী মহিলা খেলুৱৈ৷ অংকিতাৰ পূর্বে এই গৌৰৱ অর্জন কৰা খেলুৱৈকেইগৰাকী হ’ল নিৰুপমা মানকাড (১৯৭১), নিৰুপমা বৈদ্যনাথন (১৯৯৮), ছানিয়া মির্জা আৰু ভাৰতীয় বংশোদ্ভৱ আমেৰিকাৰ শিখা অ’বেৰয় (২০০৪)৷ ইফালে, অষ্ট্রেলিয়ান অ’পেনৰ মূল পর্বত খেলাৰ সুযোগ লাভ কৰা অংকিতা হ’ল ভাৰতৰ তৃতীয়গৰাকী মহিলা খেলুৱৈ৷ অংকিতাৰ পূর্বে নিৰুপমা বৈদ্যনাথন আৰু ছানিয়া মির্জাই অষ্ট্রেলিয়ান অ’পেনত অংশ লৈছিল৷ উল্লেখ্য যে অষ্ট্রেলিয়ান অ’পেনত ৰোমানিয়াৰ মিহেলা বুজাৰনেকুৰে যুটি বান্ধিব৷