নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী মিত্রতাৰ জটিল অংক

এপষেক পিছত যিকোনো মুহূর্ততে ঘোষিত হ’ব ৰাজ্যৰ আগন্তুক বিধানসভা নির্বাচনৰ দিন৷ আগন্তুক ব’হাগ বিহুৰ পূর্বে ৰাজ্যৰ ভোটদান প্রক্রিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা আছে৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি শাসক–বিৰোধী দলসমূহৰ মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে৷ শাসকীয় বিজেপিয়ে এইবাৰ আগতীয়াকৈ নির্বাচনী প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এপষেকৰ ভিতৰতে দুবাৰকৈ অসমলৈ আহি নির্বাচনী প্রচাৰ চলোৱাৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমণকে ধৰি কেইবাজনো কেন্দ্রীয় মন্ত্রী আৰু বিজেপি নেতাই নির্বাচনী প্রচাৰ চলাইছে৷ ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে অভূতপূর্ব সফলতা লাভ কৰি মুঠ ৮৬খন আসন লাভ কৰিছিল৷ মিত্রদলে লাভ কৰা ভোটৰ হাৰ আছিল ৪১.৯০ শতাংশ৷ এইবাৰো বিজেপি নেতৃত্বাধীন মিত্রজোঁটত অসম গণ পৰিষদ (অগপ) দল আছে যদিও হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ বিপৰীতে নতুন সংগী হৈছে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল৷ যোৱা বিধানসভা নির্বাচনত অসম গণ পৰিষদে ১৪খন আসন লাভ কৰাৰ বিপৰীতে বিপিএফে লাভ কৰিছিল ১২খন আসন৷ এইবাৰ অসম গণ পৰিষদে ১৪খন আসন সুৰক্ষিত কৰিব পাৰিব নে নোৱাৰে তাক লৈ সন্দেহ–শংকা ঘনীভূত হ’লেও বিপিএফৰ দখলত থকা আসনসমূহ বিজেপি অথবা ইউপিপিএলে লাভ কৰাৰ সম্ভাৱনা আছে৷ ফলত বিপিএফ অবিহনে বিটিএডিৰ ৪খন জিলাত মিত্রজোঁটৰ আসনৰ বিশেষ হৰণ–ভগন হোৱাৰ আশা নাই৷ ‘কা’ৰ সপক্ষে গ্রহণ কৰা দৃঢ় স্থিতিৰ বাবে শাসকীয় পক্ষক লৈ বিগত ডেৰ বছৰে অসমৰ জাতীয়তাবাদী শিবিৰত ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হ’লেও নির্বাচন চমু চাপি অহাৰ লগে লগে হিতাধিকাৰীকেন্দ্রিক আঁচনিৰ জৰিয়তে বিজেপিয়ে নিজৰ শক্তি ক্রমাৎ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷
২০১১ৰ বিধানসভা নির্বাচনত মাথোঁ ৫খন আসনত জয়ী হৈছিল বিজেপি দল৷ ২০১৬ৰ বিধানসভা নির্বাচনত দলটোৱে ৬০খন আসনত জয়লাভ কৰি অসমৰ ৰাজনীতিত অভূতপূর্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ সন্মুখত থকা বিধানসভা নির্বাচনত বিজেপিক ক্ষমতাচ্যুত কৰাটো যে সহজসাধ্য নহয়, সেয়া বিৰোধী ৰাজনৈতিক দলসমূহে উপলব্ধি কৰিছে৷ ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছে ক্ষমতা দখলৰ অংকৰে মহাজোঁট গঠন কৰিছে যদিও এআইইউডিএফৰ বাহিৰে বাঁওপন্থী দলসমূহৰ সাংগঠনিক ভেটি শক্তিশালী হৈ থকা নাই৷ ধর্মীয় সংখ্যালঘুসকলৰ মাজত এদশক পূর্বে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ ভেটিতো খহনীয়া হৈছে৷ ফলত কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা হ’লেও নির্বাচনত সুফল লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ কিয়নো এআইইউডিএফৰ সৈতে মিত্রতাৰ ফলত ইতিমধ্যে কংগ্রেছৰ একাংশ নেতা–কর্মী ক্ষুণ্ণ হৈছে৷ দলটোৰ ধর্মনিৰপেক্ষ চৰিত্রত আঘাত হনাৰ উমান পাই দলটোৰ বহুসংখ্যক নেতাই তীব্র প্রতিক্রিয়া ব্যক্ত কৰাই নহয়, দলত্যাগ কৰিছে৷ মিত্রজোঁট আৰু মহাজোঁটৰ নির্বাচনী যুঁজৰ মাজতে দুয়োপক্ষৰ বাবে নির্ণায়ক হৈ উঠিছে আছুৰ নেতৃত্বত গঠিত অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বাধীন ৰাইজৰ দল৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে নির্বাচনী মিত্রতা কৰাৰ সিদ্ধান্ত লৈছে যদিও দুয়োটা দলে মহাজোঁট আৰু মিত্রজোঁটৰ পৰা সমদূৰত্ব বর্তাই ৰাখিছে৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মিত্রতাৰ জৰিয়তে ৰাজ্যখনৰ আগন্তুক বিধানসভা নির্বাচনত কিমানখন আসন লাভ কৰে তাক লৈ বিভিন্ন প্রশ্ণৰ উদয় হ’লেও দল দুটাই শাসক–বিৰোধী মর্চাৰ বহু প্রার্থীৰ জয়–পৰাজয় নিৰূপণ কৰাৰ আশংকা আছে৷ আগন্তুক বিধানসভা নির্বাচনত জয়ী হ’বলৈ হ’লে একোটা সমষ্টিত কমেও ৭০ হাজাৰ ভোট লাভ কৰিব লাগিব প্রার্থীগৰাকীয়ে৷ নৱগঠিত অসম জাতীয় পৰিষদ অথবা ৰাইজৰ দলে জয়ৰ জোখাৰে কিমানটা সমষ্টিত ভোট লাভ কৰিব, সেয়া এতিয়াও স্পষ্ট নহয়৷ কিন্তু মিত্রজোঁট আৰু মহাজোঁটৰ মাজত চলা যুঁজখনত তৃতীয়টো মর্চাৰ যুঁজ নিতান্তই গুৰুত্বপূর্ণ হ’ব৷

You might also like