নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছী বিধায়ক মুর্দাবাদ শ্লোগান আজমলৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ বহু পূর্বে আজি দৰঙৰ দলগাঁৱত ওলাই পৰিল মহাজোঁটৰ প্রকৃত স্বৰূপ৷ দীর্ঘদিন কংগ্রেছৰ দখলত থকা দলগাঁও সমষ্টিত অনুষ্ঠিত এ অই ইউ ডি এফ দলৰ বিশাল কর্মীসভাত আজি মিত্রদল কংগ্রেছৰ বিধায়ক ইলিয়াছ আলী মুর্দাবাদ ধ্বনি দিয়ে৷ এ আই ইউ ডি এফ দলত বিধায়ক ইলিয়াছ আলীক যোগদানৰ আহ্বান জনাই আগন্তুক নির্বাচনত ইউডিএফ দলৰ হ’ব লগা প্রার্থী, দলৰ সাধাৰণ সম্পাদক মজিবৰ ৰহমানক জয়ী কৰোৱাৰ দাবী তোলে৷ দলটোৰ কেইবাজনো নেতাই বিগত ৩টা কার্যকালৰ জ্যেষ্ঠ কংগ্রেছী বিধায়ক আলীক নিমাতী, মৌন আখ্যা দি কঠোৰ ভাষাৰেহে সমালোচনা কৰে৷

লক্ষণীয় যে  দলগাঁৱত এ আই ইউ ডি এফ দলে আয়োজন কৰিছিল এক বিশাল কর্মীসভা৷ এই সভাতে দৰং কংগ্রেছৰ সাধাৰণ সম্পাদক হবিবৰ ৰহমানে শতাধিক কংগ্রেছীক লগত লৈ ইউ ডি এফত যোগদান কৰে৷ কংগ্রেছৰ বহু পঞ্চায়ত প্রতিনিধিও ৰহমানৰ লগতে ইউ ডি এফ দলত যোগদান কৰে৷ সভাত এ আই ইউ ডি এফ দলৰ সভাপতি আজমলে ভাষণৰ অধিকাংশ সময় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সমালোচনাতে ব্যয় কৰে৷ আজিৰ কর্মী সভাত বিধায়ক আমিনুল ইছলাম, হাফিছ বছিৰ কাচিমী, সাধাৰণ সম্পাদক মজিবুৰ ৰহমান, সাংগঠনিক সম্পাদক আমিনুল ইছলাম, বিধায়ক মামুন ইমদাদুল হক চৌধুৰী প্রমুখ্যে কেইবাজনো নেতাই বিজেপি চৰকাৰক তীব্র ভাষাৰে কটাক্ষ কৰি ভাষণ দিয়ে৷

You might also like