নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ বৰাৰ গা বদৰ বদৰ গোন্ধাইঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ  এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে শ্রীমন্ত শংকৰদেৱকো অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। অসমীয়া জাতিৰ আৱেগ–অনুভূতিক তাচ্ছিল্য কৰি আজমলে তেওঁৰ সভাত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক ‘গুৰু মহাদেউ শংকৰ চাহাব’ বুলি সম্বোধন কৰাই নহয় ‘শংকৰদেৱ জিন্দাবাদ’ ধ্বনিও দিছিল৷

এই সন্দৰ্ভত আজি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমত আজি যি অৱস্থা হৈছে মোৰ আজমললৈ বেয়া লগা নাই, বেয়া লাগিছে কংগ্ৰেছলৈ। কংগ্ৰেছৰ কিবা পৰিচয় আছে নে নাই?… যেতিয়া মহাপুৰুষ শংকৰেদৱক ইমান বেয়কৈ ক’ব পাৰে, বটদ্ৰৱাৰ মাটি দখল কৰিলে কাজিৰঙাত গঁড় মাৰিলে আৰু তেওঁলোকে কয় চৰকাৰ তেওঁলোকে গঠন কৰিব।

চৰকাৰৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, কংগ্ৰেছ দলকে ৰাইজে ব্ৰহ্মপুত্ৰত দলিয়াই দিব। পৰিৱৰ্তন কংগ্ৰেছকে কৰিব। কংগ্ৰেছীৰ গাৰ পৰা বদৰৰ গাৰ গোন্ধ নাইকিয়া কৰি দিব লাগিব। ৰিপুণক বৰাক দেখিলেই বদৰ বদৰ গোন্ধ লাগে, সেইবাবে মই দূৰতেই থাকো। গোন্ধাব লাগে সত্ৰৰ সুৱাস, মন্দিৰৰ নিৰ্মালিৰ সুৱাস, কংগ্ৰেছক দেখিলে বদৰ বদৰ গোন্ধাই থাকে।

আনহাতে কংগ্ৰেছ চৰকাৰ অসমত নহয় বাংলাদেশত হ’ব বুলি কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like