নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাষ্ট্ৰীয় গণিত দিৱস’ উপলক্ষে মৰঙিত গণিত কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ দেওবাৰে ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে অসম গণিত শিক্ষায়তন গোলাঘাট জিলা শাখাৰ সৌজন্যত মৰঙি শিশু ভৱনত আয়োজন কৰা হয় গণিত বিষয়ক কৰ্মশালা । মৰঙি অঞ্চলৰ ৫ খন বিদ্যালয়ৰ ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম গণিত শিক্ষায়তন, গোলাঘাট জিলা শাখাৰ সম্পাদক সিদ্ধাৰ্থ গগৈ ।

কৰ্মশালাৰ আৰম্ভণিতে ৰামানুজনৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন কৰে মৰঙি শিশু ভৱনৰ অধ্যক্ষা গুনদা শইকীয়াই । অসম গণিত শিক্ষায়তনৰ গোলাঘাট জিলা শাখাৰ সদস্যা কিৰণময়ী বুঢ়াগোহাঁই শইকীয়াই আঁত ধৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰে দণ্ডেশ্বৰ শইকীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক মঃ আছিৰুদ্দিন আহমেদ , কাজিৰঙা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজুমণি শইকীয়া , নুমলীগড় জ্ঞানমাৰ্গ একাডেমীৰ পৰিচালন সঞ্চালক ড০ দেবব্ৰত বাঢ়ৈ , ভূপেন চেতিয়া আৰু মৰঙি মহাবিদ্যালয়ৰ প্ৰৱক্তা প্ৰাঞ্জল শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ।

উল্লেখ্য যে, এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ গণিতৰ প্ৰতি থকা আতংকৰ ধাৰণা কিছু পৰিমাণে হ’লেও হ্ৰাস পাব বুলি আশাবাদী উদ্যোক্তাসকল ।

You might also like