চলিত বৰ্ষত এদিনীয়াত সৰ্বাধিক উইকেট দখল ছামিৰ
নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ভাৰতীয় ক্রিকেট দলটোৰ তাৰকা পেচবলাৰ মহম্মদ ছামিয়ে চলিত বর্ষটোত এদিনীয়া ক্রিকেটত সর্বাধিক উইকেট দখল কৰাৰ গৌৰৱ অর্জন কৰিছে৷ আলহী দল ৱেষ্ট ইণ্ডিজৰ বিপক্ষে বর্ষটোৰ অন্তিমখনত ছাই হ’পৰ উইকেটটো লাভ কৰি ছামিয়ে চলিত বর্ষটোত ৪২টা উইকেট দখল কৰি প্রথমগৰাকী বলাৰৰূপে গৌৰৱ অর্জন কৰিবলৈ সক্ষম হয়৷ ভাৰতীয় তাৰকা পেচবলাৰগৰাকীয়ে চলিত বর্ষটোত ২১খন এদিনীয়া মেচত ভাগ লৈ ৪২টা উইকেট লাভ কৰে৷ এই ২১খন মেচত ছামিয়ে দুবাৰ চাৰিটা উইকেট লাভ কৰাৰ লগতে এবাৰ পাঁচটা উইকেটো দখল কৰিবলৈ সক্ষম হয়৷ ইফালে, ইংলেণ্ড বিশ্বকাপত আফগানিস্তানৰ বিপক্ষে ছামিয়ে হেটট্রিকো অর্জন কৰিবলৈ সক্ষম হৈছিল৷ মন কৰিবলগীয়া যে পেচবলাৰগৰাকীয়ে এদিনীয়া কেৰিয়াৰত এটা কেলেণ্ডাৰ বর্ষত দ্বিতীয়বাৰৰ বাবে সর্বাধিক উইকেট দখল কৰাৰ কৃতিত্ব অর্জন কৰে৷ ইয়াৰ পূর্বে ২০১৪ চনত ছামিয়ে ৩৮টা উইকেট লাভ কৰিছিল৷ ছামিৰ সতীর্থ ভুবনেশ্বৰ কুমাৰে ৩৩টা, কুলদীপ যাদৱে ৩২টা আৰু য়ুজৱেন্দ্র চাহালে ২৯টা উইকেট দখল কৰি ক্রমে পঞ্চম, ষষ্ঠ আৰু নৱম স্থানটো অধিকাৰ কৰে৷ আনহাতে, ৩৮ আৰু ৩৫টা উইকেট লয় নিউজিলেণ্ডৰ পেচাৰ ট্রেণ্ট ব’ল্ট আৰু ল’কী ফার্গুছনে ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানটো অধিকাৰ কৰে৷