নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেৰীকমৰ বিৰুদ্ধে যুঁজলৈ সাজু নিখাত জাৰিন

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ছয়বাৰৰ বিশ্ব চেম্পিয়ন কিংবদন্তি মহিলা বক্সাৰ এম চি মেৰীকমৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰি দেশজুৰি চর্চা লাভ কৰা উদীয়মান বক্সাৰ নিখাত জাৰিনৰ সপোন পূৰণ হোৱাৰ সময় আহি পৰিছে৷ মেৰীকমৰ বিৰুদ্ধে ট্রায়েলত অৱতীর্ণ হোৱাৰ সুযোগ দিবলৈ দেশৰ ক্রীড়ামন্ত্রীক আহ্বান জনোৱা জাৰিনে অহা সপ্তাহত নতুন দিল্লীত মণিপুৰৰ তাৰকা বক্সাৰগৰাকীৰ বিৰুদ্ধে বহু প্রত্যাশিত মেচ খেলাৰ সুযোগ লাভ কৰিব৷ উল্লেখ্য যে অহা বছৰ চীনত অনুষ্ঠিত হ’বলগীয়া টকি’ অলিম্পিকৰ কোৱালিফায়াৰৰ বাবে মেৰীকমক ট্রায়েল অবিহনে প্রেৰণ কৰিব বুলি ভাৰতীয় বক্সিং ফেডাৰেচনে ঘোষণা কৰাৰ পিছতে বিদ্রোহ ঘোষণা কৰিছিল নিখাত জাৰিনে৷ ৫১ কেজি ইভেণ্টত মেৰীকম আৰু তেওঁৰ মাজত ট্রায়েল অনুষ্ঠিত হোৱা উচিত বুলি তেওঁ দেশৰ ক্রীড়ামন্ত্রী আৰু বক্সিং ফেডাৰেচনক আহ্বান জনাইছিল৷ মেৰীকমে আঘাতৰ দোহাই দি দুবাৰকৈ নিখাত জাৰিনৰ বিৰুদ্ধে ট্রায়েলৰ পৰা আঁতৰি থাকে যদিও অৱশেষত বক্সিং ফেডাৰেচনে দুয়োগৰাকীৰ মাজত ট্রায়েল আয়োজনৰ সিদ্ধান্ত লৈছে৷ এই অনুসৰি অহা ২৭–২৮ ডিচেম্বৰত মেৰীকম আৰু জাৰিন মুখামুখি হোৱাৰ সম্ভাৱনা আছে৷ ট্রায়েলৰ ৬৯ কেজি ইভেণ্টত অসম কন্যা লাভলিনা বৰগোহাঁয়ো অৱতীর্ণ হ’ব৷

You might also like