নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী পৰ্যটকে বাতিল কৰিছে ভাৰত ভ্ৰমণ

নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদত দেশৰ পৰ্যটন ক্ষেত্ৰত মোক্ষম আঘাত

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি অব্যাহত থকা আন্দোলন আৰু হিংসাত্মক প্রতিবাদৰ ফলত ভাৰতৰ পর্যটন ক্ষেত্রত বিৰূপ প্রভাৱ পৰিছে৷ বিদেশী পর্যটকসকলেও এতিয়া ভাৰত ভ্রমণৰ ক্ষেত্রত চিন্তা কৰিবলগীয়া হৈছে৷ ভাৰতৰ ট্রেভেল এজেণ্টছ এছ’চিয়েচনৰ সভানেত্রী জ্যোতি মায়ালে সংবাদ প্রতিষ্ঠানক জনোৱা মতে ভাৰতৰ সাম্প্রতিক পৰিস্থিতি সন্দর্ভত উদ্বিগ্ণ বিদেশী পর্যটকসকলে বাৰম্বাৰ ফোনযোগে জানিব বিচাৰিছে৷ ‘কা’বিৰোধী প্রতিবাদৰ ফলত বহু পর্যটকে প্রস্তাৱিত ভাৰত ভ্রমণ বাতিল কৰা বুলিও সভানেত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে কিছুদিন আগতে ভাৰতৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আমেৰিকা, ব্রিটেইন, কানাডা, ইউ এ ই আৰু অষ্ট্রেলিয়াকে ধৰি বহু ৰাষ্ট্রই ভাৰতলৈ আহিবলৈ ইচ্ছা কৰা পর্যটকসকলক সতর্ক কৰি দি কৈছিল যাতে তেওঁলোকে ভ্রমণৰ ক্ষেত্রত সাৱধান হয়৷ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যত নাগৰিকসকলৰ ভ্রমণৰ ক্ষেত্রত এই দেশসমূহে চিন্তা ব্যক্ত কৰিছে আৰু পৰাপক্ষত এনে পৰিস্থিতিৰ পৰা আঁতৰত থাকিবলৈ সকীয়াই দিছে৷ ভ্রমণৰ বাবে সাধাৰণতে অনুকূল হিচাপে চিহ্ণিত সময়ছোৱাতে ভাৰতত এইবাৰ ‘কা’বিৰোধী হিংসাত্মক প্রতিবাদৰ বাবে হ্রাস পাইছে বিদেশী পর্যটক৷ দিল্লীৰ বিভিন্ন কীর্তিচিহ্ণ, আগ্রাৰ তাজমহল, কলকাতা, বাংগালুৰু, চেন্নাই, মহাৰাষ্ট্রকে ধৰি দেশৰ পর্যটনৰ আকর্ষণীয় স্থানসমূহত এইবাৰ হ্রাস পাইছে পর্যটকৰ সংখ্যা৷ এনে পৰিস্থিতিত ভাৰত ভ্রমণৰ বাবে পৰিকল্পনা কৰা বিভিন্ন দেশৰ নাগৰিকসকলে বিকল্প স্থান হিচাপে বাছি লৈছে আবুধাবি, ডুবাই, ভূটান, শ্রীলংকা, ছিংগাপুৰ, থাইলেণ্ড আৰু মালয়েছিয়া আদিৰ দৰে দেশ৷ উল্লেখ্য যে ২০১৮ বর্ষত পর্যটনৰ জৰিয়তে ভাৰতে অর্জন কৰিছিল ১৬.৯১ লাখ কোটি টকা৷ যি আছিল ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ৯.২ শতাংশ৷ কিন্তু চলিত বর্ষত ভাৰতত যোৱা কিছুদিন ধৰি চলি থকা ‘কা’বিৰোধী প্রতিবাদৰ ফলত বিৰূপ প্রভাৱ পৰাৰ সম্ভাৱনা স্পষ্ট হ’ল৷

You might also like