বিটিআৰৰ ১২ সমষ্টিতে জয়ী হ’ব ইউপিপিএল
প্রাক্তন এবছু নেতা লৰেঞ্চ ইছলাৰীক দুহেজাৰ সমর্থকসহ দললৈ আদৰণি প্রমোদ বড়োৰ
নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ প্রমোদ বড়োৰ পদাংক অনুসৰণ কৰিয়ে এবছুৰ প্রাক্তন সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে দুই সহস্রাধিক সমর্থকক লৈ আজি আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে৷ বালাজান তিনালিৰ নিকটৰ খাংক্লাবাডা খেলপথাৰত তেওঁ ইউপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ আনহাতে, নৱাগত ইছলাৰীক বিটিচিৰ মুখ্য কার্যবাহী তথা ইউপিপিএলৰ সভাপতি প্রমোদ বডোৱে তেওঁৰ যোগদান দলৰ বাবে মাল্টি ভিটামিন বুলি মন্তব্য দিয়ে৷ মূলতঃ আগন্তুক বিধানসভা নির্বাচনক কেন্দ্র কৰি বিটিআৰৰ অধীনস্থ ১২টা বিধানসভা সমষ্টি দখলৰ কুচকাৱাজেৰে আজি কোকৰাঝাৰ পূব বিধানসভা সমষ্টিত নির্বাচনী ৰণডংকা বজায় ইউপিপিএলে৷ বিটিআৰৰ কোকৰাঝাৰ পূব বিধানসভা সমষ্টিত প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলত এবছুৰ প্রাক্তন সাধাৰণ সম্পাদক তথা বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী লৰেঞ্চ ইছলাৰীসহ দুই সহস্রাধিক নেতা–কর্মীৰ দলে–বলে যোগদানৰ বিশাল সমাৰোহ বিধানসভা নির্বাচনৰ কুচকাৱাজৰে অংশ আছিল বুলি ক’ব পাৰি৷ বিটিচিৰ মুখ্য কার্যবাহী তথা ইউপিপিএল দলৰ সভাপতি প্রমোদ বডোৱে লৰেঞ্চ ইছলাৰী, প্রাক্তন বিধায়ক পৰমেশ্বৰ ব্রহ্মসহ আন কেইবাগৰাকীক আৰনাইৰে ইউপিপিএললৈ আদৰণি জনায়৷ কোকৰাঝাৰ জিলা ইউপিপিএলৰ সভাপতি বিদ্যাধৰ ব্রহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সমাৰোহত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে নিজ ভাষণত হাজাৰ হাজাৰ লোকে স্বতস্ফূর্তভাৱে ইউপিপিএলত যোগদান কৰা কার্যই দলক অধিক শক্তিশালী কৰিছে৷
যোগদান সমাৰোহত সমৱেত কেইবাসহস্র লোকক উদ্দেশ্যি প্রমোদ বড়োৱে কয় যে বর্তমান বিটিআৰত কোনো বডো, অবডো নাই৷ বিটিআৰৰ ৩৫ লাখ জনতাই এটা পৰিয়াল হিচাপে থাকি শান্তি–সম্প্রীতিৰে আগবাঢ়ি যাব লাগিব আৰু সকলো জাতি–জনগোষ্ঠীৰে সম উন্নয়ন, সম অধিকাৰ নিশ্চিত কৰা হ’ব৷ বিগত সোতৰ বছৰে ঠগ–প্রৱঞ্চনা, ডাবি–ধমকি, মাৰপিটেৰে চৰকাৰ চলি আছিল৷ কিন্তু আজি পৰিৱর্তনৰ ফলত জনতাই প্রকৃত গণতন্ত্রৰ সোৱাদ উপলব্ধি কৰিব পাৰিছে৷ নাম উল্লেখ নকৰাকৈ প্রমোদ বডোৱে কয়– যিসকলে আজি বন্দুক লৈ দমন নীতিৰে ৰাজনীতি চলাব বিচাৰিছে সেয়া আমি কাহানিও হ’বলৈ নিদিওঁ আৰু তাৰ বাবেই অবৈধ অস্ত্র জব্দ কৰিবলৈ গৃহমন্ত্রীক অনুৰোধ জনোৱা হৈছে৷ অবৈধ অস্ত্রৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশস্বৰূপেই অবৈধ মাৰণাস্ত্রসমূহ আৰক্ষী প্রশাসনে জব্দ কৰি আছে আৰু জনসাধাৰণে এতিয়া শান্তি আৰু নিৰাপত্তা অনুভৱ কৰিছে বুলি মন্তব্য কৰে প্রমোদ বডোৱে৷ বিপিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰি প্রমোদ বডোৱে কয়– যোৱা বিটিআৰ নির্বাচনত বিপিএফে ভয়–ভীতি দেখুৱাই কেইটামান সমষ্টিত জয়লাভ কৰিলে যদিও আগন্তুক নির্বাচনত দলটোৱে এখনো আসনতো জয়লাভ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে৷ বিধানসভা নির্বাচনত কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ পৰা দাবীদাৰ হোৱা ইউপিপিএল প্রার্থী লৰেঞ্চ ইছলাৰীয়ে বিগত ৩০ বছৰ ধৰি খামোচ মাৰি ধৰি ৰখা বিপিএফৰ বিধায়িকা তথা মন্ত্রী প্রমীলা ৰাণী ব্রহ্মৰ গৃহ সমষ্টিত বিপদঘণ্টা বজাইছে৷ প্রমীলা ৰাণী ব্রহ্মই ৰাইজৰ উন্নয়নত পিঠি দিয়া বুলি উল্লেখ কৰি আগন্তুক বিধানসভা নির্বাচনত বিটিআৰৰ ১২টা সমষ্টিতে ইউপিপিএল দলৰ প্রার্থী জয়ী হ’ব বুলি দাবী কৰে৷ আজিৰ যোগদান সমাৰোহত প্রাক্তন বিধায়ক পৰমেশ্বৰ ব্রহ্ম, প্রাক্তন কার্যবাহী ৰবীনবালা বিশ্বাস আদিকে ধৰি বিপিএফ, জিএছপিৰ বহু নেতা–কর্মীয়ে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে৷