নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ বিকাশ ৰাষ্ট্ৰীয় বিকাশৰ গড়তকৈ অধিকঃ বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লেখানুদান দাখিল

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ কালিৰ পৰা আৰম্ভ হোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট অধিৱেশনত আজি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে লেখানুদান। এপ্ৰিল, মে, জুন, জুলাই এই চাৰিমাহৰ বাবে লেখানুদান দাখিল কৰে ড০ শৰ্মাই। মুঠ ৬০,৭৮৪.০৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰে মন্ত্ৰীগৰাকীয়ে।

লেখানুদান বাজেটৰ সম্পৰ্কে প্ৰকাশ কৰাৰ আগেয়ে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত এনে এক সুস্থিৰ বিকাশৰ হাৰ পৰিলক্ষিত হৈছে, যি বিকাশ ৰাষ্ট্ৰীয় বিকাশৰ গড়তকৈ অধিক।

মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত দাঙি ধৰা তথ্য অনুযায়ী ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষৰ এই সময়ছোৱাত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ আছিল বছৰি ৭.৭১%।

উক্ত সময়ছোৱাত এই বৃদ্ধি হৈছিল স্থিৰ মূল্যত ২,০২,০৮০.৮৫ কোটি টকাৰ পৰা ২,৪৮,৭৯৬.১৫ কোটি টকালৈ।

সেই একে সময়ছোৱাত ৰাষ্ট্ৰীয় বার্ষিক বিকাশৰ হাৰ আছিল ৬.১১%। স্থিৰ মূল্যত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ পৰিমাণ ১২.৭% বার্ষিক বিকাশেৰে ২০১৬-১৭ বৰ্ষৰ ২,৫৪,৩৮২.৩৬ কোটি টকাৰ পৰা ২০১৯-২০বর্ষত ৩,৫১,৩১৭.৭৭ কোটি টকালৈ বৃদ্ধি পাইছে।

এই সময়ছোৱাত সৰ্বভাৰতীয় বিকাশৰ হাৰ আছিল ১০.৭২%। মন্ত্ৰীগৰাকীয়ে লগতে উক্ত সময়ছোৱাত ৰাজ্যখনৰ জনমূৰি আয় ২০১৬-১৭ বৰ্ষৰ ৬৬,৩৩০ টকাৰ পৰা ২০১৯-২০ বৰ্ষত ৯০,৬৯২ টকালৈ বৃদ্ধি পাইছিল বুলি জানিবলৈ দিয়ে।

You might also like